বিগত সময়ত লকডাউনৰ বছৰটোত ৮৫ হাজাৰ ২৫৬ ভাৰতীয়ই ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছিল। আনকি চলিত বৰ্ষৰ জুন মাহত সেই সংখ্যা ৮৭,০২৬ হাজাৰ। এই বছৰটোক ব্যতিক্ৰম বুলি ক’বই লাগিব। কাৰণ ২০১১ চনৰ পৰা ২০২৩ চনৰ জুন মাহলৈকে দেশৰ নাগৰিকত্ব এৰি যোৱা লোকৰ সংখ্যা লক্ষাধিক। যোৱা এটা যুগত এই সংখ্যা ১৭.৫০ লাখলৈ বৃদ্ধি পাইছে।
শুকুৰবাৰে লোকসভাৰ অধিৱেশনত সদনত দিয়া লিখিত উত্তৰত এই কথা উল্লেখ কৰে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক: অসুস্থ মণিপুৰ! সেইদিনটোতে আৰু দুগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ
ইপিনে, এই দিনটোতে জয়শংকৰে জনায় যে ২০২২ চনত ২,২৫,৬২০ জন লোকে, ২০২১ চনত ১,৬৩,৩৭০ জন, ২০২০ চনত ৮৫,২৫৬ জন, ২০১৯ চনত ১,৪৪,০১৭ জন, ২০১৮ চনত ১,৩৪,৫৬ জন, ২০১৭ চনত ১,৩৩,০৩৯ জন লোকে ভাৰতীয় নাগৰিকত্ব এৰি গৈছে।
ইয়াৰ পূৰ্বে ২০১৬ চনত ১,৪১,৬০৩ জন আৰু ২০১৫ চনত ১,৩১,৪৮৯ জন লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছিল। ২০১৪ চনত এই সংখ্যা আছিল ১,২৯,৩২৮ আৰু ২০১৩ চনত ১,৩১,৪০৫। আনহাতে, ২০১২ চনৰ পৰিসংখ্যা অনুসৰি ১,২০,৯২৩ জন আৰু ২০১১ চনত ১,২২,৮১৯ জন লোকে নাগৰিকত্ব এৰিছিল।
লগতে পঢ়ক: ভিজিলেঞ্চৰ জালত দুই লুণ্ঠনকাৰী বিষয়া; অভিযানত উদ্ধাৰ টকাৰ পাহাৰ, চলি আছে সম্পত্তিৰ হিচাপ
এতিয়া প্ৰশ্ন উত্থাপন হ’ব পাৰে যে কিয় ইমানবোৰ মানুহে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। উল্লেখ্য যে ভাৰতে দ্বৈত নাগৰিকত্বক স্বীকৃতি নিদিয়ে। অৰ্থাৎ ভাৰতীয় নাগৰিকত্ব থাকিলে আন দেশৰ নাগৰিকত্ব ল’ব নোৱাৰি। এনে পৰিস্থিতিত কৰ্মজীৱনৰ বাবেই হওক বা আন কোনো কাৰণতেই হওক, অন্য দেশৰ নাগৰিকত্ব ল’ব বিচাৰিলে দেশীয় নাগৰিকত্ব ত্যাগ কৰিব লাগিব।
আনহাতে, দ্বৈত নাগৰিকত্ব থকাৰ বহু সমস্যাও আছে। যাৰ এক জ্বলন্ত উদাহৰণ আমাৰ চুবুৰীয়া দেশ পাকিস্তান। দেশখনত এতিয়াও দ্বৈত নাগৰিকত্বক স্বীকৃতি দিয়া হয়। আৰু সেইবাবেই দেশৰ বাবে ই এক উদ্বেগৰ বিষয় হৈ পৰিছে। ইয়াত দেশৰ সম্পদ অতি সহজে বিদেশলৈ লৈ যোৱা হৈছে।
লগতে পঢ়ক: মণিপুৰ জ্বলিছে, দুমাহ ধৰি তোমালোকৰ কোনো খবৰ নাই! বলিউডৰ চেলিব্ৰিটিসকলক এজাউৰি লিন লাইশ্ৰমৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ বিবৃতিত কয়, ‘যোৱা দুটা দশকত বিশ্বব্যাপী কৰ্মসংস্থাপন বিচৰা ভাৰতীয় নাগৰিকৰ সংখ্যা যথেষ্ট হৈছে। তেওঁলোকৰ বহুতেই ব্যক্তিগত সুবিধাৰ বাবেই বিদেশী নাগৰিকত্ব বাছি লৈছে।” তেওঁ লগতে কয় যে বিদেশত ভাৰতীয় সম্প্ৰদায় জাতিৰ বাবে এক সম্পদ।