Global Outage Again: পুনৰ দ্বিতীয়বাৰৰ বাবে ইনষ্টাগ্ৰাম-মেছেঞ্জাৰ ডাউন; ক্ষমা বিচাৰিলে ফেচবুকে

Representative Image

Global Outage Again: এসপ্তাহৰ ভিতৰতে শুকুৰবাৰে পুনৰ বিকল হৈ পৰে ফেচবুক মালিকানাধীন ইনষ্টাগ্ৰাম, মেছেঞ্জাৰ আৰু ওৱৰ্কস্পেছ। ইয়াৰ বাবে গ্ৰাহক তথা এপ ব্যৱহাৰকাৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে ফেচবুকে।

এপৰ বিচ্যুতি ট্ৰেক কৰা ডাউনডিটেক্টৰত ধৰা পৰে যে ফেচবুকৰ মালিকানাধীন ফটো শ্বেয়াৰিং এপ ইনষ্টাগ্ৰাম, মেছেঞ্জাৰ আৰু হোৱাটছএপ ব্যৱহাৰত গ্ৰাহক সমস্যাত পৰিছে।

এই সন্দৰ্ভত অধিক সংখ্যাত ৰিপ’ৰ্ট জমা পঢ়িবলৈ ধৰে। তাৰ পাছতেই ফেচবুকৰ পৰা এটা বিবৃতি প্ৰকাশ কৰি কোৱা হয় যে যোৱা কেইবাঘন্টা ধৰি যিসকলে আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰিব পৰা নাই তেওঁলোকৰ ওচৰত আমি অত্যন্ত দু:খিত।

এই বিকল হোৱাৰ সময়ছোৱাত একাংশ য়ুজাৰে তেওঁলোকৰ ইনষ্টাগ্ৰামত প’ষ্ট কৰিব পৰা নাছিল আৰু আন একাংশই ফেচবুক মেছেঞ্জাৰত মেছেজ পঠিয়াব পৰা নাছিল।

Also read: Drunk & Hit Case: চিকিৎসক নৱনীল বৰুৱাক ৰাজকন্যাই দিয়া ভাবুকি ভৰা whatsapp msg… কি আছিল ডিজিপিৰ ভূমিকা?

চলিত সপ্তাহতে দ্বিতীয়বাৰ বাবে এইদৰে পৰিসেৱা বন্ধ হোৱাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। টুইটাৰত বিভিন্নজনে মিম ব্যৱহাৰ কৰি শ্বেয়াৰ কৰি থাকে।

ইনষ্টাগ্ৰামে ইয়াৰ ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ধৈৰ্য তথা যাৱতীয় মিমৰ বাবে ধন্যবাদ জনায়। ফেচবুকে জানিবলৈ দিয়া মতে শুকুৰবাৰৰ সমস্যাটো যোৱা সোমবাৰৰ সমস্যাৰ সৈতে কোনোধৰণে সম্পৰ্কিত নহয়।

উল্লেখ্য যে যোৱা সোমবাৰেও ফেচবুক, মেছেঞ্জাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপ প্ৰায় ৭ঘন্টা ধৰি বন্ধ হৈ পৰিছিল।