NORTHEAST NOW (Assamese)

শহুৰেক ডণাল্ড ট্ৰাম্পৰ বিলৈ! বোৱাৰীয়েকে প’ষ্ট কৰা ট্ৰাম্পৰ ভিডিঅ’ও আতৰ কৰিলে ফেচবুকে

April 1, 2021 9:46 am · এন ই নাও নিউজ

ডণাল্ড ট্ৰাম্পৰ বৰ্তমান নাজল-নাথল অৱস্থা।

ফেচবুক, টুইটাৰ আৰু ইউটুউবে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিজনক নিষিদ্ধ কৰি ৰাখিছে।

শেহতীয়াকৈ আনকি ট্ৰাম্পৰ বোৱাৰীয়েকৰ পেজত থকা তেওঁৰ এটা ভিডিঅ’ও ফেচবুকে আতৰ কৰিছে।

উল্লেখযোগ্য যে ফেচবুকে জানুৱাৰী মাহত ট্ৰাম্পৰ সমৰ্থকসকলে কেপিটল হলত সংঘৰ্ষ কৰাৰ পিছতে ট্ৰাম্পক নিষিদ্ধ ঘোষণা কৰিছিল।

ট্ৰাম্পৰ বোৱাৰীয়েক লাৰা ট্ৰাম্পে শেহতীয়াকৈ ফক্স নিউজ নামৰ টিভি চেনেলটোত কৰ্মৰত।

ফক্স নিউজৰ হৈ বোৱাৰীয়েকে লোৱা শহুৰেকৰ এটা সাক্ষাৎকাৰৰ ভিডিঅ’ নিজৰ ফেচবুক পেজত প’ষ্ট কৰিছিল।

ইণ্টাৰভিউটোত ট্ৰাম্পে বিভিন্ন বিষয়ৰ ওপৰত নিজৰ মনোভাৱ প্ৰকাশ কৰিছিল।

Related News