ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

Adani

ভাৰতীয় ষ্টেট বেংক(SBI) আৰু জীৱন বীমা নিগমৰ (LIC) গ্ৰাহক সকলে নিজৰ নিজৰ আসনৰ বেল্ট ভালদৰে বান্ধি লওক। কাৰণ, বিশ্বগুৰুৰ অতিকৈ প্ৰিয় আৰু শক্তিশালী “মোডানি”(Modani) জাহাজ ডুবিবলৈ ধৰিছে! ইপিনে বতৰো ভাল নহয়। চিন্তা নকৰিব, নিজেই নিজৰ পকেটৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰক! বোলে সাৱধানীৰ মৰণ নাই! লগতে সৰ্বসাধাৰণ নাগৰিকেও নিজৰ পকেটৰ ওজনৰ ওপৰত নিজেই চকু ৰাখক!

“Titanic” জাহাজ Iceberg ত খুন্দা মাৰি ডুব যোৱাৰ দৰে “Modani” জাহাজো কিবা নতুন ”Hindenberg” ত খুন্দা মাৰি ডুবাৰ সম্ভাৱনাই দেখা দিছে! Modani জাহাজে প্ৰায় ৪১৩ বিধ অস্ত্ৰ আৰু মিছাইলেৰে Hindenberg ক প্ৰত্যাক্ৰমণ কৰি যাত্রা পথৰ পৰা আঁতৰাই পঠিয়াব বিচাৰিলেও সফল হোৱা নাই। বৰঞ্চ “Hindenberg” বোলাটোৱে হেনো ওলোটাই Modani জাহাজক একপ্ৰকাৰ দেশপ্ৰেম আৰু জাতীয় পতাকাক “আৱেগিক ব্ৰহ্মাস্ত্ৰ” হিচাপে ব্যৱসায়িক যুদ্ধত প্ৰয়োগ নকৰিবলৈহে চৰম সকীয়নি দিছে।

লগতে এই নতুন berg টোৱে হেনো কৈছে যে Fraud is Fraud, it cannot be Obfuscated by Nationalism. যি দেখিছোঁ এইটো শেনৰ এজাত দেই!! সঁচাকৈয়ে আজিৰ যুগৰ কি বিচিত্র যুদ্ধ!! সকলো দেখোন আমাৰ মূৰৰ ওপৰেদি বুজি নোপোৱাকৈয়ে পাৰ হৈ গৈছে!!

শেষত SBI আৰু LIC গ্ৰাহক সকলৰ উপৰিও দেশৰ সৰ্বসাধাৰণ ৰাইজে এই ডুবন্ত জাহাজৰ লগতে বিশ্বগুৰুৰ মান-সন্মান ৰক্ষাৰ বাবে তথা উদ্ধাৰ কৰাৰ নিমিত্তে যুদ্ধং দেহী ৰূপত নিজৰ পকেটৰ ওজন কমাবলৈ সাজু হওঁক!!

আনহাতে, আমাৰ স্থানীয় “কালপ্ৰবাহ” পঞ্জিকাৰ একাংশ অৰ্থনৈতিক জ্যোতিষীয়ে কেইদিনমানৰ আগতেই ভৱিষ্যত বাণী কৰিছিল যে এই বৰ্ষত এখন ডুবন্ত জাহাজক উদ্ধাৰৰ বাবে হয়তো দেশবাসীয়ে নিমাতী পেহীৰ বৈধ পকেটমাৰৰ উৎপাতৰ ভুক্তভোগী হোৱাৰ সম্ভাৱনাও আছে!!

ইয়াৰোপৰি, আমাৰ ছিণ্ডিকেটপুৰতো আমাৰ শিৰোমণি সকল বহি এই Hindenberg টোক কেনেকৈ বশ কৰিব পাৰি বা পথৰ পৰা আঁতৰাব পাৰি তাৰ ওপৰত গভীৰ আলোচনা কৰিছে। ছিণ্ডিকেটপুৰৰ বিশ্বস্ত সূত্রে জানিব পৰামতে তেওঁলোকে বিষয়টোৰ ওপৰত গৱেষণা কৰি এটা সমাধান দিবলৈ অলপ সময় বিচাৰিছে!! কাৰণ, তেওঁলোকৰ সৰহসংখ্যক বিভূতিয়েই যোৱা কিছুদিন ধৰি “বাঘ” আছিল নে নাই তাৰ গৱেষণাত হে ব্যস্ত আছিল!! গতিকে, berg ৰ ওপৰত সময় লাগিবই দিয়কচোন!!

বাকী নিৰন্তৰে দেখহ.. শুনহ…