NORTHEAST NOW (Assamese)

ফেচবুক ইণ্ডিয়াৰ সাৰ্বজনিক নীতিৰ নতুন মুৰব্বী হিচাপে নিযুক্ত দেশৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া

September 21, 2021 7:43 pm · এন ই নাও নিউজ
Updated: September 21, 2021 7:44 pm

ফেচবুক ইণ্ডিয়াৰ সাৰ্বজনিক নীতিৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে দেশৰ এজন প্ৰাক্তন প্ৰশাসনিক বিষয়াক।

ফেচবুক ইণ্ডিয়াই সোমবাৰে এক বিবৃতি যোগে সদৰী কৰে যে, প্ৰাক্তন আইএএছ বিষয়া আৰু উবেৰৰ প্ৰাক্তন কাৰ্যবাহী ৰাজীৱ আগৰৱালক ফেচবুক ইণ্ডিয়াৰ নতুন সাৰ্বজনিক নীতিৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাজীৱ আগৰৱাল অংশী দাসৰ উত্তৰাধিকাৰী হিচাপে এই পদত অধিষ্ঠিত হ’ব।
উল্লেখ্য যে অংশী দাসে দেশৰ সোঁপন্থী নেতাসকলৰ বিৰুদ্ধে ঘৃণা-ভাষণ নিয়ম বলবৎ কৰাৰ বিৰোধিতা কৰাৰ বাবে এক বিতৰ্কত লিপ্ত হৈছিল আৰু তাৰ পিছতেই পদৰ পৰা ইস্তফা দিছিল।

সাৰ্বজনিক নীতিৰ মুৰব্বী হিচাপে আগৰৱালে ভাৰতত ফেচবুকৰ বাবে গুৰুত্বপূৰ্ণ নীতি বিকাশৰ পদক্ষেপবোৰ এক কাৰ্যসূচীত সংজ্ঞায়িত আৰু নেতৃত্ব দিব য’ত ব্যৱহাৰকাৰীৰ সুৰক্ষা, তথ্য সুৰক্ষা আৰু গোপনীয়তা, অন্তৰ্ভুক্তি আৰু ইণ্টাৰনেট প্ৰশাসন সামৰি লোৱা হ’ব।

এই ভূমিকাত আগৰৱালে ফেচবুক ইণ্ডিয়াৰ উপ-সভাপতি আৰু পৰিচালনা সঞ্চালক অজিত মোহনক প্ৰতিবেদন দিব আৰু ভাৰতৰ নেতৃত্ব দলৰ অংশ হ’ব।

ইউবেৰৰয়াৰ পূৰ্বে ৰাজীৱ আগৰৱাল উবেৰ ইণ্ডিয়াৰ সৈতে জড়িত আছিল, য’ত তেওঁ ভাৰত আৰু দক্ষিণ এছিয়াৰ বাবে ৰাজহুৱা নীতিৰ মুৰব্বী ৰূপত কাৰ্যনিৰ্বাহ কৰিছিল।

আগৰৱালে এজন ভাৰতীয় প্ৰশাসনিক বিষয়া (আইএএছ) হিচাপে ২৬ বছৰৰ অভিজ্ঞতা লাভ কৰিছে আৰু তেওঁ উত্তৰ প্ৰদেশ ৰাজ্যৰ নখন জিলাত জিলা দণ্ডাধীশ হিচাপে কাম কৰিছে।

এজন প্ৰশাসনিক বিষয়া হিচাপে তেওঁৰ কাৰ্যকালত, তেওঁ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰচাৰ বিভাগৰ (এম/অ’ বাণিজ্য) যুটীয়া সচিব হিচাপে বৌদ্ধিক সম্পত্তি অধিকাৰৰ ওপৰত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় নীতি (আইপিআৰ) পৰিচালনা কৰিছিল, আৰু ভাৰতৰ আইপি কাৰ্যালয়সমূহৰ ডিজিটেল ৰূপান্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

এই নিযুক্তিসন্দৰ্ভত অজিত মোহনে কয় যে, “আমি উপলব্ধি কৰিছো যে আমি ভাৰতৰ পৰিৱেশত গভীৰভাৱে নিমজ্জিত হৈ আছোঁ আৰু আমাৰ ওচৰত এক অধিক সামগ্ৰিক আৰু সুৰক্ষিত ইণ্টাৰনেট নিৰ্মাণত সহায় কৰাৰ সুযোগ আছে যি দেশৰ সকলোকে লাভান্বিত কৰে। মই আনন্দিত যে ৰাজীৱ আগৰৱালে ৰাজহুৱা নীতি দলৰ নেতৃত্ব দিবলৈ আমাৰ সৈতে যোগদান কৰিছে।”

তেওঁ লগতে কয়, “তেওঁৰ দক্ষতা আৰু অভিজ্ঞতাৰ দ্বাৰা ৰাজীৱে স্বচ্ছতা, দায়বদ্ধতা, ক্ষমতাশালী আৰু সুৰক্ষিত সম্প্ৰদায় গঢ়ি তোলাৰ আমাৰ লক্ষ্যক আগুৱাই নিয়াত সহায় কৰিব, যিবোৰক আমি আমাৰ দায়িত্ব হিচাপে স্বীকৃতি দিওঁ।”

Related News