আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস, এই বিষয়ত কাৰো চিন্তা-চৰ্চা নাই – ফেচবুক পোষ্টত ক্ষোভ অখিল গগৈৰ

ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ চিন্তা:

অসমলৈ পৰ্যটকৰ সোঁত হ্ৰাস পাইছে।এইবাৰৰ পৰ্যটন বৰ্ষটোত পৰ্যটক বৃদ্ধিৰ সম্ভাৱনাতো কমেই, মুঠ পৰ্যটকো বছৰটোৰ শেষত যোৱাবাৰৰ সমান হয় নে নহয় সন্দেহ আছে। অসমৰ মূল পৰ্যটন আকৰ্ষণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈ পৰ্যটকৰ উপস্থিতি সেৰেঙা, অন্তত: growth নাই।হোটেলবোৰৰ ব্যৱসায়ো ভবা ধৰণে হোৱা নাই। বিদেশী আৰু বহি:ৰাজ্যৰ পৰ্যটকৰ আগমন কম। ৰাজ্যখনৰ ঘৰুৱা পৰ্যটকে যদিহে পৰৱৰ্তী সময়ত উৎসাহ দেখুৱাই নাজানো; নহ’লে কিন্তু এইবাৰ অসমৰ পৰ্যটন বেয়া বুলিয়ে ক’ব লাগিব।টুৰিজিম এজেন্সিসমূহৰ মানুহে আমাক দুটা কথা কৈছে — ১) অসমলৈ অহাৰ ফ্লাইটৰ খৰচ বাঢ়িছে। ২) পৰ্যটকৰ ঢাল অন্য ফালে বৈছে।
আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস #NationalTourismDay. কাৰো এই বিষয়ত চিন্তা-চৰ্চা নাই— মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিষয়াৰ কাৰো মুখত অসমৰ পৰ্যটন বৃদ্ধিৰ আন্তৰিক প্ৰয়াসৰ কোনো লক্ষণ দেখা নাই। অসম মন্ত্ৰীসভাই অযোধ্যালৈ চৰকাৰী খৰচত যোৱাৰ সিদ্ধান্ত লৈছে! ৰাম মন্দিৰ হোৱাৰ পাছত অযোধ্যালৈ বছৰি ৫ কোটি পৰ্যটক যাব বুলি কোৱা হৈছে; উত্তৰ প্ৰদেশ চৰকাৰে বছৰি ২৫,০০০ কোটি টকা ৰাজহ পাব বুলি কোৱা হৈছে। ধৰ্মৰ ৰাজনীতিয়ে মূৰবোৰ খাই পেলোৱা আমাৰ ৰাজনীতিসকলে নিজৰ ৰাজ্যৰ পৰ্যটন বিকাশৰ উদ্ভাৱনীমূলক চিন্তা-চৰ্চা কৰিব পৰাৰ ক্ষমতাই হেৰুৱাইছে নেকি বাৰু?
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত পৰ্যটন বিভাগটোত কিছু সক্ৰিয়তা দেখা গৈছিল। এতিয়া সেইখিনিও নাই। এতিয়াৰ মন্ত্ৰীবোৰৰ মূৰবোৰ ধৰ্মীয় , সাম্প্ৰদায়িক কুৎসিত বিভাজনকামী সংকীৰ্ণ ৰাজনীতিয়ে গ্ৰাস কৰি পেলাইছে।
মুখ্যমন্ত্ৰী ডাঙৰীয়া, পৰ্যটন ক্ষেত্ৰখনত “গোল্লা” মাৰিছে।সাম্প্ৰদায়িক , বিভাজনকামী, সংঘৰ্ষমূলক, লেংমৰা, আগ্ৰাসী, সংকীৰ্ণ , নেতিবাচক ৰাজনৈতিক চিন্তাবোৰতে বুৰি থাকিব নে গঠনমূলক, বিকাশমূলক, প্ৰগতিশীল চিন্তাও কৰিব? #NationalTourismDay ত অকণমান নীৰৱে কথাটো চিন্তা কৰিবনে?
পৰ্যটন মন্ত্ৰী ডাঙৰীয়া, চেলবেলিয়া কথাবোৰ এৰি পৰ্যটন বিষয়টোত চিৰিয়াছলি অলপ মন দিবনে?
অসম পৰ্যটনৰ দেউলীয়াপনাক লৈ আমি গভীৰভাৱে চিন্তিত।
পৰ্যটন হ’ব পাৰে অসমৰ অৰ্থনীতিৰ সবাতোকৈ বেছি ৰাজহ দিয়া ক্ষেত্ৰ। গোৱা আৰু চিকিমৰ কোনো বিশেষ অৰ্থনৈতিক সম্পদ নথকাকৈ দেশৰ আটাইতকৈ বেছি জনমূৰি আয় থকা ৰাজ্য হৈছে পৰ্যটনৰ বাবেই।
অসমৰ পৰ্যটনৰ বিপুল সম্ভাৱনীয়তাৰ ন ন ক্ষেত্ৰ উদ্ভাৱনীমূলকভাৱে চাবলৈ কোনো নীতি নিৰ্দ্ধাৰক জন্ম হ’বনে?