‘ফেইচবুক ডমেইন’ৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সাজু ফেইচবুক

জনপ্ৰিয় সামাজিক মাধ্যম ফেইচবুকে facebook.com.bd নামৰ এটা ডমেইন ৬ মিলিয়ন য়ু এছ ডলাৰত বিক্ৰীৰ চেষ্টা কৰাৰ বাবে এটা বাংলাদেশী ছফ্টৱেৰ কোম্পানিৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছে।

ডমেইন সৃষ্টি আৰু ইয়াক বিক্ৰী কৰাৰ চেষ্টাৰ বাবে এ ৱান ছফ্টৱেৰ লিমিটেডৰ বিৰুদ্ধে গোচৰটো আৰম্ভ কৰিবলৈ ফেইচবুকৰ তৰফৰ পৰা অধিবক্তা মোকছাডুল ইছলামক নিযুক্তি দিয়া হৈছে।

facebook.com.bd নামৰ এই ডমেইনটো বেআইনী বুলি মন্তব্য কৰি অধিবক্তা ইছলামে কয় যে এই বিষয়ে আমি কিছু বছৰ পূৰ্বে অৱগত হৈছিলো আৰু এ ৱান ছফ্টৱেৰ লিমিটেডক ডমেইনটো বন্ধ কৰিবলৈ কেইবাবাৰো আইনী জাননীৰ জৰিয়তে আবেদন জনাইছিলো।

উল্লেখ্য যে facebook.com.bd নামৰ ৱেবছাইটটো অব্যৱহাৰ্য হৈ আছে আৰু ইয়াৰ মাত্ৰ এটাহে পেজ আছে যিটো ‘বিক্ৰীৰ বাবে’ বুলি জাননী দিয়া হৈছে।

‘বিক্ৰীৰ বাবে’ জাননীত কোৱা হৈছে যে এক নিৰ্দিষ্ট ‘বাই ইট নাও’ মূল্য ৬ নিযুত আমেৰিকান ডলাৰ নিৰ্ধাৰণ কৰা হৈছে, আৰু মূল্য যিকোনো সময়তে সলনি হ’ব পাৰে।

জাননীখনে লগতে কয় যে আগ্ৰহী ক্ৰেতাসকলে a1softwareltd@gmail.com নামৰ ইমেইলত ডমেইন মালিকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে।

যিহেতু এ ৱান ছফ্টৱেৰ লিমিটেডে ফেইচবুকৰ আইনী জাননীৰ প্ৰতি কোনো সঁহাৰি নিদিলে, সেয়ে আমেৰিকাস্থিত ফেইচবুকে বাংলাদেশী ছফ্টৱেৰ কোম্পানিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

অধিবক্তা ইছলামে কয় যে সকলো “.bd” ডমেইন সম্প্ৰসাৰণ বাংলাদেশ চৰকাৰৰ ৰাজহুৱা খণ্ডৰ বাংলাদেশ টেলিকমুনিকেশ্যন কোম্পানি লিমিটেড (বিটিচিএল)ৰ মালিকানাধীন।

‘ফেইচবুক নামটো ক’তো ব্যৱহাৰ কৰিব নোৱাৰে বুলি ভালদৰে জনাৰ পিছতো কিদৰে বিটিচিএলে ডমেইন ইচ্ছ্যু কৰাৰ সিদ্ধান্ত প্ৰদান কৰিলে সেই কথাটো মই বুজি পোৱা নাই’, অধিবক্তা ইছলামে এইদৰে কয়।

এতিয়া ফেইচবুকে বিটিচিএল আৰু এ ৱান ছফ্টৱেৰ লিমিটেডৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, ফেইচবুকে facebook.com.bd নামৰ এই ৱেবছাইটটো সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু ক্ষতিপূৰণ হিচাপে ৫০,০০০ য়ু এছ ডলাৰ দাবী কৰিব।

প্ৰাথমিক তদন্তত এই কথা পোহৰলৈ আহিছে facebook.com.bd নামৰ এই ডমেইনটো ২০০৮ চনত পঞ্জীয়ন হৈছিল।