NORTHEAST NOW (Assamese)

কলিয়াবৰত আটক ভুৱা চিকিৎসক, জব্দ সন্দেহজনক নথি-পত্ৰ

October 27, 2021 12:16 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত উজান উঠিছে ভুৱা চিকিৎসকৰ। এইবাৰ কলিয়াবৰত আৰক্ষীৰ জালত পৰিছে এজন ভুৱা চিকিৎসক।

নিজকে ‘মুন্না ভাই MBBS’ সজাই ৰোগীক চিকিৎসা কৰি আহিছিল এইজন ভুৱা চিকিৎসকে।

কলিয়াবৰৰ গৰৈমাৰীৰ ময়জুল ইছলাম নামৰ এই ব্যক্তি জনে ভকুৱামাৰী স্থিত এখন ফাৰ্মাচীত নিজকে ‘মুন্না ভাই এম বি বি এছ’ বুলি পৰিচয় দি চিকিৎসা সেৱা আগবঢ়াই আহিছিল ৰোগী সকলক।

কথাতে কয়, এশ গৰু মাৰিলে বাঘৰো মৰণ। তেনে ঘটনা সংঘটিত হ’ল এই ময়জুল ইছলাম নামৰ ভুৱা চিকিৎসক ছাৰৰ।

স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত উলুৱনী আৰু চুলুং আৰক্ষী চকীৰ মৃদুল দেৱনাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ফাৰ্মাচীৰ ভিতৰত ৰোগী চিকিৎসা কৰি থকা অৱস্থাত আটক কৰে ময়জুল ইছলাম নামৰ ভুৱা চিকিৎসক জনক।

আৰক্ষীয়ে লগতে জব্দ কৰে ৰোগীৰ চিকিৎসাৰ কামত ব্যৱহৃত সঁজুলি আৰু সন্দেহজনক নথি পত্ৰ।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News