• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰীড়াসুলভ মহানুভৱতা! ইণ্টাৰনেটত ‘ভাৰতীয়ৰ’ কটু ব্যৱহাৰৰ বলি মহম্মদ ছামিৰ কাষত ‘পাকিস্তানী’ ৰিজৱান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2021 12:38 pm
Mohammad Rizwan on Mohammed Shami
269
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৪ অক্টোবৰত টী২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে শোচনীয় ভাৱে পৰাস্ত হ’ল ভাৰতীয় ক্ৰিকেট দল। ভাৰতীয় দল পৰাস্ত হোৱাৰ পিছৰে পৰা মহম্মদ ছামীক ছচিয়েল মিডিয়াত একাংশই আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

ক্ৰিকেটাৰ মহম্মদ ছামীক একাংশ ধৰ্মান্ধ আৰু ক্ৰীড়াৰ মূল্য বুজি নোপোৱা এচাম সাময়িক অনুগামীয়ে ইণ্টাৰনেটত অশালীন মন্তব্যৰে আক্ৰমণ কৰাৰ লগতে দেশ এৰি পাকিস্তানলৈ যাবলৈও ভাবুকি দিয়ে।

এই সময়ত পাকিস্তানৰ উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱান ছামীৰ পক্ষত থিয় হৈছে। উল্লেখ্য যে ভাৰতৰ বিৰুদ্ধে ক্ৰিকেট মেচখনত ৰিজৱানে পাকিস্তানৰ জয়ত অন্যতম ভূমিকা লৈছিল।

মহম্মদ ছামীক সমৰ্থন কৰি ৰিজৱানে ছচিয়েল মিডিয়াত মহম্মদ ছামীক আক্ৰমণ কৰাসকলক সমালোচনা কৰিছে।

ৰিজৱানে এটা টুইটৰ জৰিয়তে ছামীক সমৰ্থন কৰি কয়,”যিধৰণৰ চাপ, সংঘৰ্ষ আৰু ত্যাগ এগৰাকী খেলুৱৈয়ে নিজৰ দেশ আৰু নিজৰ মানুহৰ বাবে খেলৰ জৰিয়তে কৰিব লাগে,সেয়া অনুমানো কৰিব নোৱাৰি।”

তেওঁ লগতে কয়, “মহম্মদ ছামী এজন ষ্টাৰ আৰু বিশ্বৰ শ্ৰেষ্ঠ বলাৰসকলৰ অন্যতম।অনুগ্ৰহ কৰি নিজৰ ষ্টাৰক সন্মান কৰক।এই খেলে মানুহক ওচৰ চপাই অনা উচিত, বিভাজন অনা হ’ব নালাগে।’’

 

The kind of pressure, struggles & sacrifices a player has to go through for his country & his people is immeasurable. @MdShami11 is a star & indeed of the best bowlers in the world

Please respect your stars. This game should bring people together & not divide ’em #Shami #PAKvIND pic.twitter.com/3p70Ia8zxf

— Mohammad Rizwan (@iMRizwanPak) October 26, 2021

যিসময়ত দেশৰে এচাম লোকে দেশৰ হৈ ভাগ লোৱা এজন খেলুৱৈক কটু ব্যৱহাৰেৰে ব্যতিব্যস্ত কৰি তুলিছে, সেই সময়তে শত্ৰু ৰাষ্ট্ৰৰ অভিধা দিয়া পাকিস্তানৰ এজন খেলুৱৈয়ে ভাৰতীয় খেলুৱৈ এজনৰ পক্ষত থিয় দিয়াটোৱে এক মহানুভৱতাৰ উদাহৰণ দাঙি ধৰিছে।

এনে ক্ৰীড়াসুলভ আচৰণৰ বাবে চৰ্চিত হৈ পৰিছে মহম্মদ ৰিজৱান। কেৱল খেল পথাৰত নিজৰ দমনীয় প্ৰদৰ্শনেৰেই নহয়, বাহিৰৰ জীৱনতো নিজৰ এক সু-আচৰণ দাঙি ধৰিলে মহম্মদ ৰিজৱানে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd