NORTHEAST NOW (Assamese)

পৃথিৱী ধ্বংস হ’ব বুলি কৈ নৱজাতকৰ মৃত্যু, চ’চিয়েল মিডিয়াত ফে’ক নিউজ

March 24, 2020 11:55 pm · এন ই নাও নিউজ
Updated: March 25, 2020 12:01 am

কৰ’নাভাইৰাছৰ আতংকৰ মাজতে চ’চিয়েল মিডিয়াত বিভিন্ন উৰাবাতৰি বিয়পি ফুৰা দেখা গৈছে।

এনে এটা ফে’ক নিউজ নৰ্থইষ্ট নাওৰ দৃষ্টিগোচৰ হৈছে।

কোৱা হৈছে— ছয়গাঁৱত কেঁচুৱা এটা জন্ম পায়ে উঠি বহিছে আৰু কৈছে যে পৃথিৱী ধ্বংস হ’ব আৰু সকলোকে ঘৰৰ বাহিৰত এইকেইদিন তিনিগচি চাকি জ্বলাব দিছে আৰু কথাষাৰ কৈয়ে কেঁচুৱাটোৰ মৃত্যু হ’ল।

নিকি মণি কাশ্যপ নামৰ এটা ফেচবুক প্ৰফাইলত এই প’ষ্ট দেখা গৈছে।

একেই ধৰণৰ আন এটা বাতৰিত নলবাৰীত জন্ম দাঁত থকা কেঁচুৱা এটাৰ কথা কোৱা হৈছে।

চ’চিয়েল মিডিয়াত চলি থকা এইটো এটা ফে’ক নিউজ।

ফেক্ট চেক—

১. নতুনকৈ জন্ম পোৱা কেঁচুৱা এটাই কথা ক’ব নোৱাৰে। জন্মতে কেঁচুৱাৰ দাঁত নাথাকে।

২. দাঁত থকা কেঁচুৱাৰ ছবিখন গুগল চাৰ্চ কৰাত একেখন ছবি পোৱা গৈছে। ছবিখন এটা মেমেৰ। অৰ্থাৎ ছবিখন ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা।

৩. প্ৰায় একেধৰণৰ ঘটনা দুটা পৃথক ঠাই নলবাৰী আৰু ছয়গাঁৱত হোৱা বুলি কোৱা হৈছে।

চ’চিয়েল মিডিয়াত চলি থকা ফে’ক নিউজৰ ফেক্ট চেক কৰাৰ বাবে নৰ্থইষ্ট নাও-এ এই কাম কৰিছে।

উৰাবাতৰিত ভোল নাযাব, উৰাবাতৰিক বিয়পিবলৈ নিদিব।

Related News