এম্বুলেন্সত ২,০০০ টকীয়া বাণ্ডোলৰ পাহাৰ দেখি স্তম্ভিত আৰক্ষী; নোটত লিখা আছিল ‘ৰিভাৰ্চ বেংক অফ ইণ্ডিয়া’!

গোপন সূত্ৰৰ পৰা এম্বুলেন্সত টকা ভৰ্তি কৰিলৈ গৈ থকাৰ খবৰ পোৱা গৈছিল। সূত্ৰৰ পৰা তথ্য পোৱাৰ পিছতেই ততাতয়াকৈ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয়। এম্বুলেন্সখন ৰখাই দি দৰ্জা খুলিয়েই স্তম্ভিত হৈ পৰে আৰক্ষী।

খাপে খাপে সজাই ৰখা ২,০০০ টকাৰ নোট। গণনা কৰি দেখা গ’ল মুঠ ২৫ কোটি ৮০ লাখ টকা আছে। অৱশ্যে সকলোবোৰ নোটত লিখা আছিল ‘ৰিভাৰ্চ বেংক অফ ইণ্ডিয়া’!

গুজৰাটৰ চুৰাটত এই অদ্ভুত ঘটনাটো সংঘটিত হৈছে। কামৰেজ আৰক্ষী থানাই গোপন সূত্ৰৰ পৰা এম্বুলেন্সেৰে নোট ভৰ্তি কৰিলৈ গৈ থকাৰ তথ্য লাভ কৰিছিল। সেইদৰে, আৰক্ষী গৈ আহমেদাবাদ-মুম্বাই পথত অপেক্ষা কৰিছিল। এম্বুলেন্সে এখন আহি থকা দেখি ৰখাই দিয়া হয়।

চালক আৰু হেণ্ডিমেনক জেৰা কৰাৰ পিছত আৰক্ষীৰ সন্দেহ গভীৰ হয়। এজন আৰক্ষীয়ে চালকজনক পিছফালৰ দৰ্জাখন খুলিবলৈ কয়। দৰ্জাখন খোলাৰ লগে লগে থৰ লাগে আৰক্ষী। খাপে খাপে সজাই ৰখা হৈছে দুই হাজাৰ টকাৰ নোট।

আৰক্ষী অধীক্ষক হিতেশ জয়ছাৰে কয় যে ছয়টা কাগজৰ বাকচত মুঠ ১,২৯০ টা নোটৰ বাণ্ডোল পোৱা গৈছে। যাৰ মুঠ মূল্য হৈছে ২৫ কোটি ৮০ লাখ টকা। কিন্তু সকলোবোৰ নোটত ‘ৰিভাৰ্চ বেংক অফ ইণ্ডিয়া’ লিখা ৰৈছে। কিন্তু তাত থাকিব লাগিছিল ‘ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া’হে। বাণ্ডোলটোৰ তলত লিখা আছে যে এই নোট কেৱল চিনেমাৰ দৃশ্যগ্ৰহণত ব্যৱহাৰৰ বাবেহে।

শেহতীয়াকৈ কেতিয়াবা পশ্চিমবংগ, কেতিয়াবা উত্তৰ প্ৰদেশ, কেতিয়াবা মহাৰাষ্ট্ৰ আদিত বহুতো টকা উদ্ধাৰ হোৱা দেখা গৈছিল। এয়া সকলো আছিল আচল নোট। কিন্তু কেৱল চিনেমাৰ দৃশ্যগ্ৰহণত ব্যৱহাৰ হোৱা বাণ্ডোল বাণ্ডোল নকল নোট ক’ৰ পৰা আহিল?