বৃহৎ পৰিমাণৰ জাল নোট উদ্ধাৰ ৰিজাৰ্ভ বেংকৰ পেৰাত

RBI

বৃহৎ পৰিমাণৰ জালনোট উদ্ধাৰ কৰা হৈছে ৰিজাৰ্ভ বেংকৰ পেৰাত।

উত্তৰ প্ৰদেশৰ লক্ষ্মৌ মহানগৰৰ কটাৱলীত উদ্ধাৰ হৈছে এই জাল নোটখিনি।

৮১.৮৩ লাখৰ এই বৃহৎ পৰিমাণৰ জাল নোটখিনি ১০০০ আৰু ৫০০ টকীয়া নোটৰ।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ মেট্ৰ’ৰ কটৱালীৰ এজন ৰিজাৰ্ভ বেংকৰ সহকাৰী পৰিচালক অনুপম প্ৰতীক কুজুৰে এই সন্দৰ্ভত ইতিমধ্যে কটাৱলী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

আৰক্ষীৰ তত্বাৱধানত নোটখিনিৰ ফৰেনছিক পৰীক্ষা কৰি থকা হৈছে।

পৰিদৰ্শক যাশকান্ত সিঙে কয় যে এই বৃহৎ পৰিমাণৰ নোটখিনি ২০১৭ চনৰ জুলাই, আগষ্ট আৰু ছেপ্তেম্বৰ মাহত জমা কৰা হৈছিল।

নোটখিনিৰ গণনাত  ৪৬৩২ খন ১০০০ টকীয়া আৰু ৭১০২ খন ৫০০ টকীয়া নোট পোৱা  গৈছে।

কোন ব্যক্তিয়ে কোন বেংকত এই বৃহৎ ধন ৰাশি জমা কৰিছিল তাৰ অনুসদ্ধান কৰি থকা হৈছে।