ভুৱা টেট শিক্ষক নিযুক্তিৰ মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত

Fake Tet teacher recruitment master mind in police custody

অৱশেষত হাজো আৰক্ষীৰ জালত ভুৱা টেট শিক্ষক নিযুক্তিৰ মুল মাষ্টাৰ মাইণ্ড।

মূল অভিযুক্ত মহম্মদ ইছালমুদ্দিনক হাজোৰ বৰম্বৈৰ পৰা আটক কৰিছে আৰক্ষীয়ে।

গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত হাজো আৰক্ষীয়ে আটক কৰে ইছলামুদ্দিনক।

ইছলামুদ্দিনৰ ওপৰত হাজোৰ বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক – যুৱতীৰ পৰা ৫ৰ পৰা পৰা ১০ লাখ কৈ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে।

বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ কৰিছিল অভিযুক্ত ইছলামুদ্দিনে।

এই ঘটনাত নগাঁৱৰ ড০ জাহিৰুল ইছলাম জড়িত আছে বুলি মন্তব্য কৰিছে ধৃত ইছলামুদ্দিনে।

উল্লেখ্য যে নগাঁওৰ ভুৱা চাৰ্টিফিকেট চক্ৰৰ সৈতে মহম্মদ ইছালমুদ্দিনৰ সংযোগ আছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।