কলিয়াবৰত আচল সোণ বুলি নকল সোণৰ গহনাৰে ঠগিলে গ্ৰাহকক

Dryday_top-image-866x487-1140x570

জুৱেলাৰ্চত সোণ-ৰূপৰ গহনা বনাওতে সাৱধান ।

প্ৰকৃত সোণৰ গহনা বুলি জুৱেলাৰ্চৰ গৰাকীয়ে আপোনাক দিব পাৰে ভেজাল সোণৰ গহনা ।

এনে ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ কুঠৰীত ।

কল্যাণী জুৱেলাৰ্চ নামৰ সোণ-ৰূপৰ গহনা তৈয়াৰ কৰা বিপনী খনৰ গৰাকীয়ে সংঘটিত কৰিছে এনে ঘটনা ।

কুঠৰীৰ এজন যুৱকে আঢ়ৈ লাখ টকাৰ বিনিময়ত কল্যাণী জুৱেলাৰ্ছত প্ৰায় আঢ়ৈ ভৰি সোণৰ অলংকাৰ বনাইছিল ।

ছমাহ মানৰ পাছত সোণৰ অলংকাৰ ক’লা পৰি যোৱাত যুৱকজনে আন এখন বিপনীত গৈ পৰীক্ষা কৰোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ।

যুৱকজনে সোণৰ অলংকাৰ খিনি লৈ  কল্যাণী জুৱেলাৰ্চত গৈ অৱগত কৰোৱাত বিপনী খনৰ গৰাকীয়ে দায় সৰা মন্তব্য প্ৰদান কৰাত উত্তেজিত হৈ পৰে যুৱক জনৰ লগতে স্থানীয় ৰাইজ ।

জুৱেলাৰীখনৰ গৰাকীৰ বিৰুদ্ধে আগৰ পৰাই চলি আহিছিল এনে অভিযোগ ।

আজি প্ৰকৃত ঘটনা পোহৰলৈ অহাত কেইবাজনো গ্ৰাহকে হাতে হাতে সোণৰ অলংকাৰ লৈ উপস্থিত হয়হী বিপনী খনত ।

গ্ৰাহকসকলে  জুৱেলাৰ্চৰ গৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে। ।

স্থানীয় আৰক্ষীয়ে জুৱেলাৰী খনত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে সোধ পোচৰ বাবে  দোকান খনৰ স্বত্বাধিকাৰীক লৈ যায় বাগৰি আৰক্ষী চকীলৈ ।