NORTHEAST NOW (Assamese)

পিছপৰা বাবে নহয়, আধা ছেকেণ্ড আগবঢ়া বাবেহে ফাইনেলৰ বাবে অযোগ্য ঘোষিত হ’ল হিমা

August 28, 2018 5:53 pm · এন ই নাও নিউজ
Updated: August 28, 2018 5:54 pm

জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেইমছত মহিলাৰ ৪০০ মিটাৰত ৰূপৰ পদক জিনা অসমৰ হিমা দাস আজি অনুষ্ঠিত মহিলাৰ ২০০ মিটাৰৰ ছেমিৰ পৰাই বাহিৰ হৈছে। পিছে দৌৰত পিছপৰা বাবে নহয়, আধা ছেকেণ্ড আগতেই দৌৰা বাবেহে, অৰ্থাৎ ভুল আৰম্ভণিৰ বাবেহে হিমাক অযোগ্য ঘোষণা কৰা হ’ল।

ফলত প্ৰতিযোগিতাখনত দ্বিতীয়টো পদক জিকাৰ স্বপ্ন ধূলিসাৎ হ’ল হিমাৰ। গোটেই দেশবাসীৰ লগতে অসমৰ সকলো ৰাইজে আশাৰে বাট চাই আছিল আজিৰ হিমাৰ প্ৰদৰ্শনৰ বাবে। কিন্তু আৰম্ভণিৰ খোজটোৱেই দুৰ্ভাগ্য আনি দিলে প্ৰতিভাশালী খেলুৱৈগৰাকীলৈ। ভুল আৰম্ভণিৰ বাবে খেল পৰিচালকে হিমাৰ লগতে আন এগৰাকীক অযোগ্য ঘোষণা কৰে।

আনহাতে হিমাৰ সৈতে একেলগে দৌৰা ভাৰতৰ দুতী চান্দে ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ২৩ ছেকেণ্ডেৰে ফাইনেলত প্ৰৱেশ কৰিছে। উৰিষ্যাৰ খেলুৱৈগৰাকীয়ে ছেমিত প্ৰথম স্থান দখলেৰে স্বৰ্ণ জয়ৰ সম্ভাৱনা দেখুৱায়।

উল্লেখযোগ্য যে হীটছত হিমাই নিজৰ গ্ৰুপত ২৩.৪৭ ছেকেণ্ড সময় লৈ চতুৰ্থ স্থানত ৰৈছিল যদিও সময় মানৰ বিবেচনাত ছেমিত স্থান লাভ কৰিছিল।

Related News