NORTHEAST NOW (Assamese)

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

January 23, 2021 2:43 pm · দীপক কুমাৰ পাঠক
তামুলপুৰৰ এঘাৰ মাইলৰ উপেন শইকীয়াৰ পৰিয়ালটো। ফটো: নৰ্থইষ্ট নাও।

এটি দুৰ্ভগীয়া পৰিয়াল। লকডাউনৰ সময়চোৱাত হোৱা এক পথ দুৰ্ঘটনাত এতিয়া থানাবান হৈ পৰিছে পৰিয়ালটো। দুয়োখন ভৰি বিকল হোৱা স্বত্তেও এমুঠি অন্ন যোগাৰৰ বাবে জুপুৰি ঘৰটোত থাকিয়েই চলাই গৈছে অহৰহ সংগ্ৰাম।

কাৰ কেতিয়া কি হয় কোনেও নাজানে! এসময়ৰ সুখ এতিয়া গভীৰ দুখলৈ হৈছে পৰ্যবসিত। মানুহজন তামুলপুৰৰ এঘাৰ মাইলৰ উপেন শইকীয়া। ৩৮ বছৰীয়া উপেন এতিয়া আৱদ্ধ চাৰিবেৰৰ সীমাবদ্ধতাৰ মাজত।

উপেন শইকীয়াই এসময়ত দিন হাজিৰা কৰি পোহপাল দিছিল দুগৰাকী সন্তানৰ সৈতে নিজৰ পৰিয়ালটোক। কিন্ত নিষ্ঠুৰ নিয়তিয়ে সৰ্বস্ব কাঢ়ি নিলে উপেনৰ। পৰিয়ালটো ঠন ধৰি উঠাৰ আগতেই ঘটিল অঘটন।

আজিৰে পৰা প্ৰায় ১০ মাহ মান আগত এক পথ দুৰ্ঘটনাত পতিত হৈ ৰাজহাড় ভাঙি  বিকল হৈ পৰে উপেনৰ দুয়োখন ভৰি। খোজকাঢ়িব নোৱাৰা হ’ল উপেন।

চিকিৎসাৰ নামত উপেনে বিক্ৰী কৰিলে সকলো সা-সম্পত্তি। কিন্তু সুস্থ হৈ নুঠিল উপেন। চিকিৎসাৰ নামত সৰ্বস্ব হেৰুওৱা উপেনৰ এতিয়া থকা ভেটি মাটি খিনিৰ বাদে নাই একো। বন্ধ হৈ পঢ়িল সকলো উপাৰ্জনৰ পথ।

সকলো হেৰুৱাই দুখ, কান্দোনৰ বাদে উপেনৰ নাই এতিয়া কোনো অইন পথ। কিন্ত হেৰুওৱা নাই মনোবল। উপায়বিহিন হৈ উপেনৰ পত্নী উত্তৰাই চাহৰ দোকানত কাম কৰি কোনোমতে পোহপাল দি আছে নিজৰ পৰিয়ালটোক।

কেতিয়াবা যদি দুমুঠি দুবেলা অন্ন যোগাৰ হৈছে আন কেতিয়াবা অনাহাৰে কটাইছে দিন। অৰ্থৰ অভাৱত লব পৰা নাই কোনো চিকিৎসা। কেবল কান্দোনে সংগ দিয়া উপেনৰ পত্নীয়ে এতিয়া পৰিয়ালটো চলাই নিয়াৰ বাবে উপেন সুস্থ হোৱাতো অতিকে জৰুৰী।

সেয়েহে উপেনৰ পত্নী উত্তৰাই স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জনাইছে কাতৰ অনুৰোধ। লগতে হৃদয়বান ৰাইজলৈ অনুৰোধ জনাইছে যাতে পৰ্যাপ্ত পৰিমাণে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি উপেনক সুস্থ কৰি তোলাত আগভাগ লয়।

বিচাৰিছে আপোনাৰ-মোৰ পৰা কিছু সহায়। দুৰ্ভগীয়া পৰিয়ালটিক সহায়ৰ বাবে উপেন শইকীয়াৰ পত্নী উত্তৰা শইকীয়াৰ বেঙ্ক একাউণ্ট নম্বৰ হৈছে  A/C- 37094891991 IFSCS- SBIN0015026 .

এই একাউন্ট নম্বৰত দিব পাৰে কিছু আৰ্থিক অনুদান। পৰিয়ালটোৰ লগত কোনো হৃদয়বান লোকে যোগাযোগ কৰিব বিচাৰিলে মোবাইল নম্বৰ- 8822878772 ত যোগাযোগ কৰিব পাৰে।

Related News