বিশ্বনাথত ডাইনী সন্দেহত পৰিয়ালৰ লোকে হত্যাৰ চেষ্টা কৰিলে এগৰাকী মহিলাক

witch-hunting-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰিণতিত ৰাজ্যত অব্যাহত আছে ডাইনী সন্দেহত হত্যা তথা নিৰ্যাতনৰ দৰে অপৰাধমূলক ঘটনা।

বিশ্বনাথ জিলাৰ বাঘমাৰি চাহ বাগিচাৰ বস্তিত এগৰাকী মহিলাক ডাইনী সন্দেহত মাৰ-পিট কৰি হত্যাৰ চেষ্টা কৰে নিজৰে পৰিয়ালৰ বোৱাৰী এগৰাকীয়ে। কেৱল মহিলাগৰাকীক মাৰ-পিট কৰিয়ে ক্ষান্ত নাথাকি বোৱাৰীগৰাকীয়ে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা কৰে মহিলাগৰাকীক।

তদুপৰি, মহিলাগৰাকীক ডাইনী সন্দেহত আক্ৰমণ কৰাৰ উপৰিও ঘৰখনৰ কাপোৰ, কিতাপ-বহী, স্কুলৰ য়ুনিফৰ্ম আদি জ্বলাই দিয়ে।

উল্লেখযোগ্য যে, ডাইনী সন্দেহত আক্ৰমণ সংঘটিত কৰা মহিলাগৰাকীৰ নাম পিয়াৰ চামাত। তেওঁ নিজৰ স্বামীৰ মৃত্যুৰ বাবে মহিলাগৰাকীক দোষী সাব্যস্ত কৰি এনেদৰে আক্ৰমণ কৰে যদিও প্ৰকৃততে অত্যাধিক মদ্যপান কৰাৰ ফলত মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হয়।

পৰৱৰ্তী সময়ত গাঁওবাসীয়ে জিনজিয়া আৰক্ষীক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও আৰক্ষীয়ে বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ তৰফৰ পৰা কোনোধৰণৰ সহায় লাভ নকৰি এতিয়া প্ৰাণৰ মমতাত ভূক্তভোগী মহিলাগৰাকীয়ে ঘৰ-বাৰী এৰি ককায়েকৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছে।

আনহাতে, আক্ৰমণকাৰী অভিযুক্ত মহিলাগৰাকী বৰ্তমান পলাতক অৱস্থাত আছে বুলি খবৰ লাভ কৰা গৈছে।

উল্লেখযোগ্য যে, কিছু দিন পূৰ্বে কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৰ বকোত এক বৃদ্ধ দম্পতিক গাঁওখনৰ লোকে ডাইনী সন্দেহত আক্ৰমণ কৰি ৰাজহুৱাভাৱে প্ৰহাৰ কৰিছিল।

ৰাজ্যত ক্ৰমাগতভাৱে বৰ্ধিত এনেধৰণৰ অন্ধবিশ্বাস, কু-সংস্কাৰৰ লগত জড়িত অপৰাধমূলক ঘটনাত চিন্তিত হৈ পৰিছে সচেতন মহল।