Wild Elephant Rampage দুধনৈত বনৰীয়া হাতীৰ সন্ত্ৰাস; কথমপি ৰক্ষা পৰিল শিশুসহ নৱগ্ৰামৰ এটি পৰিয়াল

Dudhnoi wild elephant rampage

ফটো: নৰ্থইষ্ট নাও।

Wild Elephant Rampage ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰাতো অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস৷

নিশা দুধনৈৰ নৱগ্ৰামত শুই থকা অৱস্থাত বৃহৎ বনৰীয়া হাতীৰ জাকৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিল নৱ গ্ৰামৰ কমল বসুমতাৰীৰ পৰিয়াল৷

হাতীৰ আক্ৰমণৰ সময়ত ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰা এটি শিশুৰ কোনোমতে প্ৰাণৰক্ষা পৰে ৷

স্থানীয় লোকে ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে শিশুটিক৷

নিশা শুই থকা অৱস্থাত হাতীৰ জাকটোৱে প্ৰথমতে কমল বসুমতাৰীৰ পত্নী শুই থকা ঘৰৰ আক্ৰমণ কৰে ৷

ফটো: নৰ্থইষ্ট নাও।

ইয়াৰ পিছত হাতীৰ জাকটোৱে চৌহদতে থকা আন তিনিটা ঘৰ ভাঙি তচনচ কৰে ৷

হাতীৰ জাকটোৱে ঘৰত থকা ধান খাই তহিলং কৰে ৷ হাতীৰ আক্ৰমণৰ পৰা সাৰি নগল পাকঘৰটোও ৷

মুঠতে নিশা হাতীৰ জাকটোৱে কমল বসুমতাৰীৰ ঘৰ এক প্ৰকাৰ ধ্বংসস্তুপত পৰিণত কৰে ৷