ভয়াৱহ অগ্নিকাণ্ডই প্ৰাণ ল’লে তিনি শিশুসহ একে পৰিয়ালৰ পাঁচজনৰ

Family killed in Fire

এক ভয়াৱহ অগ্নিকাণ্ডত মৃত্যুমুখত পৰিছে তিনিটি শিশুসহ একেটা পৰিয়ালৰ পাঁচগৰাকীকৈ সদস্যই। এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত। পৰিয়ালটোৱে বাস কৰা বাসগৃহৰে গুদামত জুই লগাত এইদৰে মৃত্যুক সাবটিবলগীয়া হৈছে পাঁচগৰাকীকৈ লোকে।

নিহত তিনিটি শিশুক ক্ৰমে এবদা (৫), জুবিয়া (৭) আৰু উমেয়া (১২) বুলি চিনাক্ত কৰা হৈছে। আনহাতে পৰিয়ালটোৰ বয়োজেষ্ঠ সদস্য কামাৰ জাহান (৭৫) আৰু শ্বামা পাৰবীন (৩৬) নামৰ এগৰাকী মহিলাৰ এই ঘটনাত মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত আসালতপুৰা এলেকাত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছিল বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। আৰক্ষীৰ মতে অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটো ইৰশাদ নামৰ এজন ব্যক্তিৰ।

ঘটনাটোৰ সময়ত ইৰশাদৰ পুত্ৰ আয়াজ, উত্তৰাখণ্ডৰ এজন ব্যক্তি আৰু আন কিছু সম্বন্ধীয় লোক তাত উপস্থিত আছিল। তিনিমহলীয়া অট্টালিকাটোৰ তলৰ মহলাতে থকা গুদামটোত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছিল আৰু ক্ষণিকৰ ভিতৰতে গোটেই ঘৰটো জুয়ে আগুৰি ধৰে।

ঘটনাৰ বিষয়ে খবৰ পোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু দুঘণ্টাৰ পিছতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। কিন্তু তেতিয়ালৈ অগ্নিদগ্ধ হৈ পাঁচগৰাকী ব্যক্তি মৃত্যুমুখত পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।