ভয়ংকৰ! কোভিড ৰোগীৰ মৃতদেহৰ চকুত বগা টেপ আৰু পেটত কটা দাগ; পৰিয়ালৰ ভয়ংকৰ অভিযোগ
যোৱা ২ জুলাইৰ দিনা জিএমচিএইচত মৃত্যু হৈছিল এজন কোভিড আক্ৰান্ত যুৱকৰ।
কিন্তু যুৱকজনৰ মৃতদেহৰ চকুত বগা টেপ লগোৱা আছিল আৰু পেটত কটা দাগ আছিল। এই কথা শেহতীয়াকৈ ৫ জুলাইৰ দিনা পোহৰলৈ আহে। যুৱকজনৰ নাম ৰাতুল শইকীয়া আৰু ঘৰ নগাঁওৰ ধিংৰ ভকতগাওঁত।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি চিকিৎসালয়খনে মৃত যুৱকজনৰ চকু আৰু কিডনি বিক্ৰী কৰে। ইয়াৰ এক উচিত তদন্তৰ দাবী কৰে পৰিয়ালৰ লোকে।
উল্লেখযোগ্য যে, মৃত যুৱকজনৰ সম্বন্ধীয় ভাতৃয়ে মহানগৰীৰ উলুবাৰী শ্মশানত মৃতদেহটো চোৱাৰ সময়ত মনে মনে এখন ফটো তোলে। যি ফটোত স্পষ্টকৈ ধৰা পৰিছিল যে মৃতদেহটোৰ চকুত লগোৱা আছিল বগা টেপ আৰু লগতে পেটৰো তলৰ ফালে তেজ বিৰিঙি থকা কটা চিহ্ন স্পষ্ট। মৃত্যুৰ পিছতে সেই অংশত কাটি কোনো অপাৰেচন কৰা হৈছে বুলি অনুমান কৰিব পাৰি।
ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত ফটোখন ভাইৰেল হৈ পৰে।
ইপিনে, পৰিয়ালৰ লোকৰ এই ভয়ংকৰ অভিযোগৰ পাছতে জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই সংবাদমাধ্যমৰ জৰিয়তে এই অভিযোগ ভিত্তিহীন বুলি উল্লেখ কৰে।
তেওঁ কয় ‘১ জুলাইৰ নিচেই পুৱাতে জিএমচিএইচত যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল। ২ জুলাইৰ দিনা আইচিয়ুতে পুৱা ৭:২১ বজাত মৃত্যু হয় যুৱকজনৰ। যাতে চকুতো বেয়া নহয় সেয়েহে তুলা অলপৰে চকুটো ঢাকি দিয়া হয়। পৰিয়ালৰ লোকে অনা অভিযোগ বৰ দুৰ্ভাগ্যজনক। কিবা যদি ভুল বুজা-বুজি আছিল আমাৰ ওচৰলৈ আহিব লাগিছিল। যদি মৃত যুৱকজনৰ তেনেকুৱা কিবা দেখা পাইছিল তেন্তে দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত কৰিব লাগিছিল। তেতিয়া আমি মৰণোত্তৰ পৰীক্ষা কৰিলোহেঁতেন।‘
‘এনেধৰণ মিছা অভিযোগ দিলে চিকিৎসকসকলৰ মনোবল ভাঙি যায়। এনেকুৱা ধৰণৰ বাতৰি প্ৰচাৰ নকৰিব, যদি কিবা সন্দেহ থাকে তেন্তে আমাক সুধি লৈ তাৰ পাছত সংকোচ থাকিলেহে বাতৰি প্ৰকাশ কৰিব।‘
ইপিনে, ফটোখনত পেটত কটা দাগ থকা স্বত্তেও সেই কথা মানি নলয় অভিজিত শৰ্মাই।
তেওঁ কয় ‘ফটোখনত একো পেটত কটা দাগ নাই। যদি আছিলেই তেন্তে তেওঁলোকে লগে লগে আমাৰ লগত যোগাযোগ কৰিব লাগিছিল। যিটো প্লাষ্টাৰ লগোৱা থাকে মৃতদেহৰ নাম লিখিবলৈ সেই প্লাষ্টাৰ গুছাই দিলে ছাল গুছি যোৱাটো স্বাভাৱিক। দুয়োটা চকুৰ তুলাখিনি লগোৱা হৈছিল কিন্তু হয়তো এটা চকুৰ তুলাখিনি গুছি গৈছিল।‘
উল্লেখযোগ্য যে, যোৱা ২৯ জুন তাৰিখে কভিডত আক্ৰান্ত হৈ নগাঁও চিকিৎসালত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক। যদিও স্বাস্থ্যৰ অবনতি ঘটাত পিছলৈ গুৱাহাটী মেডিকেল কলেজলৈ লৈ আহে পৰিয়ালৰ লোকে।