জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা অসম আন্দোলনৰ প্ৰথম চহিদ পৰিয়ালৰ

অসম আন্দোলনৰ প্ৰথম চহিদগৰাকীৰ পৰিয়ালে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে।

প্ৰতি বছৰে অসম আন্দোলনৰ প্ৰথমগৰাকী চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱস ১০ ডিচেম্বৰৰ দিনটো অসমত চহিদ দিৱস হিচাপে পালন কৰা হয়।

১৯৭৯ চনৰ ১০ ডিচেম্বৰত আৰক্ষীৰ গুলীত নিহত হৈছিল খৰ্গেশ্বৰ তালুকদাৰ।

চহিদগৰাকীৰ পৰিয়ালৰ লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে।

চহিদগৰাকীৰ ভাতৃ কামেশ্বৰ তালুকদাৰে নৰ্থইষ্ট নাওক কয়,’’আমি বিধেয়কখন কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো। অসম চৰকাৰে অসমৰ ৰাইজৰ কথা চিন্তা কৰি বিধেয়কখন বাতিল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব।‘’

তেওঁ লগতে কয়, ‘’অসমৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত তথা অসম আন্দোলনৰ চহিদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিধেয়কখন অসমত ৰূপায়ন কৰা উচিত নহয়। যিকোনো উপায়ে ইয়াক বাতিল কৰিবই লাগিব।‘’

উল্লেখযোগ্য যে অসমত বিদেশী বিতাড়নৰ দাবীত ১৯৭৯চনত অসম আন্দোলনৰ সূত্ৰপাত হৈছিল।

সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদ ১৯৮৫চন পৰ্যন্ত ছয় বছৰ ধৰি আন্দোলন চলাইছিল।

অসম আন্দোলনত মুঠ ৮৫৫গৰাকী লোকে জীৱন বলিদান দিছিল।

উল্লেখ্য যে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অসম আন্দোলনত আছুক নেতৃত্ব দিছিল।

সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসম চুক্তি স্বাক্ষৰ কৰি আন্দোলনৰ সমাপ্তি ঘটাইছিল।

অসম চুক্তি অনুসৰি,  অসমৰ পৰা অবৈধ বিদেশী চিনাক্তকৰণ তথা  বিতাড়নৰ ভিত্তি বৰ্ষ হৈছে ১৯৭১ চনৰ ২৪ মাৰ্চ।

ইপিনে, যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৯’ গৃহীত হয় তেতিয়াহ’লে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অ-মুছলমান(হিন্দু,বৌদ্ধ, জৈন, পাৰ্ছী,খ্ৰীষ্টান আৰু শিখ)লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব।