ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ বাবে দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা অজিথৰ ১.২৫ কোটি টকাৰ সাহায্য

Ajith

অজিথ

জনপ্ৰিয় অভিনেতা অজিথে ৭ এপ্ৰিলত ক’ৰ’নাৰ বিৰুদ্ধে যুঁজাৰ বাবে কেন্দ্ৰ চৰকাৰ প্ৰধান মন্ত্ৰী সাহায্য পুজিলৈ আৰু তামিলনাডুৰ ৰাজ্য চৰকাৰলৈ ক্ৰমে ৫০ লাখ টকাকৈ মুট ১ কোটি টকাৰ সাহায্য আগবঢ়াইছে।

ইয়াৰ উপৰিও জনপ্ৰিয় অভিনেতা গৰাকীয়ে এফ ই এফ এছ আই(দক্ষিণ ভাৰত চলচ্চিত্ৰ কৰ্মী সংস্থা)লৈও অতিৰিক্ত ২৫ লাখ টকাৰ সাহায্য আগবঢ়ায়।

ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ বাবে সাহায্য আগবঢ়োৱা দক্ষিণ ভাৰতৰ অভিনেতা সকলৰ ভিতৰত অজিথ অন্যতম।

অজিথৰ উপৰিও তামিলনাডুত চৰকাৰলৈ সাহায্য আগবঢ়োৱা সকল হৈছে ক্ৰমে বিৰোধী দল ডি এম কে, ডি এম কেৰ সাংসদ কানিমোজি। ডি এম কে আৰু সাংসদ গৰাকীয়ো ক্ৰমে ১ কোটি টকাকৈ তামিলনাডুৰ মুখ্য মন্ত্ৰী সাহায্য পুজিলৈ অনুদান আগবঢ়ায়।

আনহাতে, তামিলনাডুৰ ৰাজ্যপাল বানৱিলাল পুৰোহিতেও প্ৰধান মন্ত্ৰী সাহায্য পুজি আৰু তামিলনাডু ৰাজ্য চৰকাৰলৈ ১ কোটি টকাকৈ মুঠ ২ কোটি টকাৰ সাহায্য আগবঢ়ায়।

তদুপৰি, দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তে এফ ই এফ এছ আইলৈ ৫০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে, ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ লগতে তামিলনাডুতো ক’ৰ’না ভাইৰাছৰৰ সংক্ৰমণ ভয়াবহ হাৰত বৃদ্ধি পাইছে।