ফাঁচিবজাৰকে ধৰি মহানগৰীৰ পাঁচটা অঞ্চল কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা

সম্পূৰ্ণ ৰেড জ'ন ঘোষণা নহয়; সম্পূৰ্ণ দোকানো বন্ধ নহয় : হিমন্ত

ca1674e6-e82d-4327-8098-86ec3562ab03

বুধবাৰে গুৱাহাটীৰ ফাঁচিবজাৰকে ধৰি অন্য চাৰিটা অঞ্চলত ১৫ জনকৈ লোকৰ দেহত মাৰাত্মক ক’ৰ’না ভাইৰাছ ধৰা পৰাৰ পাছতে অঞ্চলকেইটাক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত ঘোষণা কৰিছে এই কথা।

ফাঁচিবজাৰৰ উপৰি পানবজাৰ ৰেইলৱে কলনী, ফটাশীল আমবাৰী, কুমাৰপাৰা আৰু শান্তিপুৰ আশ্ৰম ৰোডক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে কয়, “এজন ৰোগী পানবজাৰ ৰেইলৱে কলনীৰ কাষত থাকে সেই অঞ্চলটো কণ্টেইনমেণ্ট জ’ন কৰা হৈছে। কুমাৰপাৰাতো এজন লোক পোৱা গৈছে গতিকে এই অঞ্চল কণ্টেইনমেণ্ট জ’নত যাব।”

“শান্তিপুৰৰ আশ্ৰম ৰোডৰ এজন ড্ৰাইভাৰ আক্ৰান্ত হৈছে। ইফলে ফটাশীল আমবাৰীতো এজন ৰোগী পোৱা গৈছে।” মন্ত্ৰীগৰাকীয়ে কয়।

বাকীকেইজন ফাঁচিবজাৰৰ আলু গুদাম আৰু ৰাজকমল হোটেলৰ ওচৰৰ বুলি তেওঁ জনায়।

ইপিনে, ১৫ জনকৈ লোকৰ দেহত মাৰাত্মক ভাইৰাছ ধৰা পৰাৰ পাছতো গুৱাহাটীক ৰেড জ’ন হিচাপে ঘোষণা কৰা নহয় বুলি তেওঁ উল্লেখ কৰে।

“সদ্যহতে ৰেড জ’ন বা দোকান-পোহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা নহয়। য’তে এই মাৰাত্মক ৰোগ পোহৰলৈ আহে তাতে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।”

আনহাতে, গুৱাহাটিবাসীক অতিকৈ সাৱধান হ’বলৈ আহ্বান জনাই হিমন্তই কয়, “এজন নাপিতৰ গাত এই ভাইৰাছ ধৰা পৰিছে। তেওঁ বহুতৰে চুলি কাটিছিল ঘৰত গৈ। ৰাজকমল হোটেলৰ তলতেই তেওঁ চুলি কাটে। তেওঁৰ নাম বিন্দেশ্বৰী ঠাকুৰ।”

তেওঁ আৰু কয়, “চেলুন বন্ধ আছিল কিন্তু আইন অমান্য কৰি নাপিতজনে চুলি কাটিছিল’।

উল্লেখ্য যে কালি আক্ৰান্ত কেইজনৰ নাম ক্ৰমে সুবোধ কুমাৰ, সুনীল ৰয়, মুকেশ সিং, গণি কেৱাট, বিশ্বনাথ শ্বাহা, বিদ্বেশ্বৰী ঠাকুৰ, প্ৰবীণ কুমাৰ ৰাও, লাখৰো নিচাব, শংকৰ চাহা, কৃষ্ণ কুমাৰ গুপ্তা, চিপূজন নিচাব, অজয় কুমাৰ, সঞ্জীত কুমাৰ আৰু প্ৰভাত আনন্দ আৰু সুমিত কুমাৰ।

আক্ৰান্ত আটাইকেগৰাকী বৰ্তমান মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ আছে।

ইতিমধ্যে মুঙৰো চাহানি নামৰ এজন ব্যৱসায়ীৰ দেহত এই ভাইৰাছ ধৰা পৰাৰ পাছত জিলা প্ৰশাসনে পূবে এছ আৰ চি বি ৰোড, পশ্চিমে এম এছ ৰোড, উত্তৰে এম জি ৰোড আৰু দক্ষিণে তৰুণ ৰাম ফুকন ৰোডলৈ ছীল কৰিছিল।