আজি জুবিনৰ জন্মদিন : যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব শিল্পীগৰাকীলৈ অনুৰাগীয়ে জনালে অযুত শুভেচ্ছা

njjCVI0e

জুবিন গাৰ্গ। ফটো : টুইটাৰ

আজি অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব, সাম্প্ৰতিক সময়ৰ আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ওপজা দিন। সুদীৰ্ঘ দিন জুবিনৰ সুৱদী কণ্ঠই সন্মোহিত কৰি ৰাখিছে অসমৰ সংগীতপ্ৰেমী জনতাক। সৰ্বত্ৰ সমাদৃত জুবিনৰ সামাজিক দায়বদ্ধতাৰ দিশটোৱেও নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। সেয়ে, আজি নিজৰ মৰমৰ শিল্পীগৰাকীৰ ওপজা দিনত অজস্ৰজনে হিয়া উবুৰি আশীৰ্বাদ দিছে শিল্পীগৰাকীক।

ছ’চিয়েল মিডিয়াত ইতিমধ্যে শিল্পীগৰাকীক ওপজা দিনৰ বাৰ্তা প্ৰেৰণেৰে গুণমুগ্ধসকলে শুভেচ্ছা জনাইছে। জুবিনৰ বিভিন্ন সময়ৰ স্মৃতি সোঁৱৰাই অনুৰাগীসকলে প্ৰশংসাৰে ওপচাই পেলাইছে শিল্পীগৰাকীক।

অতি স্পষ্টবাদী আৰু ৰাইজৰ ভাষা নিজৰ ভংগীমাৰে সদৰী কৰি জুবিন সৰ্বসাধাৰণৰ নিচেই আপোন হৈ পৰে। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো অসমৰ বৃহত্তৰ ৰাইজৰ প্ৰতিবাদী কণ্ঠস্বৰক নতুন মাত্ৰা প্ৰদান কৰি জুবিন হৈ পৰিছে অসমীয়া ৰাইজৰ হিয়াৰ আমঠু।

আনহাতে, নিজৰ জন্মদিনৰ এদিন পূৰ্বে জুবিন গাৰ্গে ব্যতিক্ৰমী ৰূপত নিজৰ জন্মদিন পালন কৰে। শনিবাৰে মহানগৰীৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আয়ুৰচন্দ্ৰা হাস্পাতালত শিল্পী গৰাকীয়ে নিজৰ জন্মদিন উদযাপন কৰে। জন্মদিন উপলক্ষে জুবিনে হাস্পাতালখনৰ ৰোগীসকলৰ মাজত ফলমূল আদি বিতৰণ কৰে।

তদুপৰি, উক্ত চিকিৎসালখনত শনিবাৰৰে পৰা অনুষ্ঠিত হৈছে কাঞ্চনজংঘা মেগা স্বাস্থ্য শিবিৰ। কাঞ্চনজংঘা মেগা স্বাস্থ্য শিবিৰ মুকলি অনুষ্ঠানত জুবিন গাৰ্গৰ লগত জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাও উপস্থিত থাকে।

শনিবাৰৰ আয়ুৰচন্দ্ৰাৰ অনুষ্ঠানটোৰ মাজতে জুবিনে তেওঁৰ আহিবলগীয় নতুন ছবি কাঞ্চনজংঘাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি নৱবৰ্ষত এখন নতুন ছবি “বাঘ” নিৰ্মাণ কৰাৰ কথাও সদৰী কৰে শিল্পী জুবিন গাৰ্গে।