NORTHEAST NOW (Assamese)

গোলাঘাটত কুখ্যাত ড্ৰাগছ মাফিয়া পাপু আলীৰ বাসগৃহত উদ্ধাৰ ২৫ গ্ৰাম হেৰ’ইন

June 7, 2021 2:23 pm · মীনাক্ষী ফুকন
ফটো: নর্থইষ্ট নাও।

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। গোলাঘাটতো দৈনিক গ্ৰেপ্তাৰ হৈছে ড্ৰাগছৰ বহু মাফিয়া।

আজি গোলাঘাট তিৰুৱাল বৰফুকন খাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়। ড্ৰাগছ ব্যৱসায়ী পাপু আলীৰ বাসগৃহত ফৰকাটিং আৰক্ষীয়ে চলালে এই  অভিযান।

অভিযানত পাপু আলীৰ নিৰ্মীয়মান বাসগৃহৰ পৰা ২৫গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। চিমেন্টৰ বস্তাৰ তলৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছ সমূহ। জব্দ কৰা ড্ৰাগছ সমূহৰ আনুমানিক মূল্য ৫০ হাজাৰ টকাৰ বুলি জানিব দিয়ে আৰক্ষীয়ে।

আৰক্ষীয়ে ড্ৰাগছসমূহ উদ্ধাৰ কৰে যদিও পাপু আলীক গ্ৰেপ্তাৰ কৰিব সক্ষম হোৱা নাই। পাপু আলীৰ ভাতৃৰ ভাষ্য মতে কৰ’নাত আক্ৰান্ত হৈ আছে পাপু আলি।

উল্লেখযোগ্য যে পাপু আলী ড্ৰাগছৰ লগতে বহুতো অপৰাধমূলক কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগ আছে। পূৰ্বেও বাসগৃহত অস্ত্ৰ-শস্ত্ৰ মজুত ৰাখি আৰক্ষীৰ হাতত গ্ৰপ্তাৰ হৈছিল পাপু আলী।

Related News