নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে শনিবাৰে পুনৰ কয় যে কেন্দ্ৰই নতুন কৃষি আইন তিনিখন সংশোধন কৰিবলৈ সাজু।

প্ৰতিবাদী কৃষকসকলৰ আৱেগক শ্ৰদ্ধা জনাই চৰকাৰে এই সংশোধনৰ বাবে ইচ্ছাপ্ৰকাশ কৰাৰ কথা তেওঁ কয়।

আনহাতে, বিৰোধী দলসমূহক সমালোচনা কৰি কৃষি মন্ত্ৰীজনে কয় যে বিৰোধীয়ে কৃষকৰ স্বাৰ্থৰ সলনি বিষয়টোক লৈ ৰাজনীতি কৰিছে।

তেওঁ কয় যে গণতন্ত্ৰত বিৰোধিতাৰ স্থান আছে, কিন্তু বৰ্তমান বিৰোধীয়ে ৰাষ্ট্ৰৰ হিতৰ বিপৰীতে কাম কৰি আছে বুলি কৈ প্ৰশ্ন কৰে যে এনেধৰণৰ বিৰোধী থকাটো উচিত নে?

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বছৰেকীয়া অনুষ্ঠান ‘এগ্ৰীভিজন’ৰ ৰাষ্ট্ৰীয় অভিবৰ্তন সম্বোধন কৰি কৃষিমন্ত্ৰীজনে দাবী কৰে যে বিৰোধী দলসমূহ আৰু কৃষক সংগঠনসমূহে নতুন আইনকেইখনৰ কোনো ত্ৰুটি বাচি উলিয়াব পৰা নাই।

তদুপৰি তোমাৰে কয় যে এই আইনকেইখনে কৃষি খণ্ডত বিনিয়োগ বৃদ্ধি কৰিব আৰু কৃষকসকলক উৎপাদিত শস্যসমূহ বিক্ৰী কৰিবৰ বাবে স্বাধিনতা প্ৰদান কৰিব।

যোৱা মাহত ৰাজ্যসভাতো কৃষিমন্ত্ৰীজনে এইধৰণৰ বক্তব্যই প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে দিল্লীত হোৱা কৃষক আন্দোলনটোৱে শনিবাৰে ১০০ দিন পাৰ কৰিলে।

বৰ্তমানলৈকে চৰকাৰ আৰু প্ৰতিবাদী কৃষক- কোনোৱে নিজৰ স্থিতি ত্যাগ কৰা নাই।