ল’কডাউনৰ ফলত নগাঁও জিলাৰ বিভিন্ন অঞ্চলত খেতিপথাৰত নষ্ট হৈছে কৃষকৰ শস্য

Nagaon Story

নগাঁৱৰ খেতিয়কৰ পথাৰৰ দৃশ্য

সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কৃষক সকলে নিজৰ উৎপাদিত সামগ্ৰী শাক-পাচলি বিক্ৰী কৰিব নোৱাৰাৰ বাবে হতাশাত ভূগিব লগা হৈছে।

নগাঁৱৰ বিভিন্ন প্ৰান্তত থকা বহু কৃষকে চৰকাৰী চাকৰি নাপায় পোন প্ৰথম বাৰৰ বাবে নিজৰ পথাৰৰ মাটিত উন্নত পদ্ধতিৰে কোমোৰা, জলকীয়া, জিকা, ভেণ্ডি, টিয়হ আদিৰ খেতি কৰিছিল। অতি কষ্টৰে কৰা এই খেতি সমূহত উৎপাদন সন্তোষজনক আছিল যদিও সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰে। যাৰ বাবে ভাৰত চৰকাৰে সমগ্ৰ দেশত ২১ দিনৰ বাবে ল’কডাউন ঘোষণা কৰে।

এই সময়ছোৱাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত এই কৃষক সকলৰ  উৎপাদিত সকলো কৃষি সামগ্ৰী পথাৰতে গেলি যোৱাৰ উপক্ৰম হৈছে। বিশেষকৈ কোমোৰা চাঙত কোমোৰা লাগি চাঙ সমূহ ভাঙি যোৱাৰ উপক্ৰম হোৱাত উৎপাদিত কোমোৰা সমূহ চিঙি কৃষক সকলে পেলাই দিব লগা হৈছে।

ঠিক সেইদৰে আন উৎপাদিত সামগ্ৰী সমূহৰ একেই অৱস্থা। এনে ক্ষেত্ৰত নগাঁৱৰ বিভিন্ন প্ৰান্তত থকা কৃষক সকলৰ লগতে কৃষ্ণ, তপন, নয়ন, পলাশ, ডিম্বেশ্বৰ আদি কৃষক সকলে চৰকাৰী  চাকৰি নাপায় নিজৰ খেতি মাটি ডৰাত নিজৰ উপাৰ্জনৰ সপোন দেখিছিল।

এনে সময়ত ক’ৰ’না ভাইৰাচৰ বাবে সমগ্ৰ ৰাজ্যৰ বজাৰ বন্ধ হোৱাত এনেদৰে কৃষকৰ সপোন চুৰমাৰ হৈ পৰিছে।

ইফালে, জানিব পৰা মতে কিছুমান এলেকাত ক’ৰ’না ভাইৰাচৰ আক্ৰান্তৰ সন্দেহত কোৱাৰেণ্টাইন চলি থকাৰ বাবে সেই এলেকাৰ কৃষি সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।

এনেক্ষেত্ৰত আন এলেকাৰ কৃষক সকলে প্ৰশাসনৰ অনুমতি থকা গেলামালৰ দোকানৰ জৰিয়তে এই কৃষি সামগ্ৰী বিক্ৰী কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।

এইক্ষেত্ৰত ক’ৰ’না ভাইৰাচৰ সমস্যা অসমত একেবাৰে নাইকিয়া হোৱাৰ পিছতহে কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰী সুস্থিৰ হ’ব। ভয়াবহভাৱে সমস্যাত ভোগা এই কৃষক সকলে বৰ্তমান সময়ত ব্যাপক অৰ্থ সংকটত ভোগাও পৰিলক্ষিত হৈছে।

ইফালে, বৰ্তমান সময়ত বড়োধানৰ খেতিৰ সময়। এই সময়ছোৱাত বহু কৃষকে বড়োধানৰ খেতি কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। এনে সময়ত বড়োধানৰ খেতিয়ক সকলে খেতিত উপযুক্ত সময়ত, সাৰ, ঔষধ প্ৰয়োগ কৰিবৰ নোৱাৰা বাবে খেতি সমূহ নষ্ট হৈ পৰিছে। এই বিষয়টো জিলা কৃষি বিষয়াই গুৰুত্বসহকাৰে লৈ কৃষক সকলক নিজ এলেকাত সাৰ, ঔষধ কিনিব পৰা ব্যৱস্থা কৰিবলৈ কৃষক সকলে দাবী জনাইছে।