NORTHEAST NOW (Assamese)

নৰেন্দ্ৰ মোডীক চুমা খাই চৰ্চালৈ আহিল এগৰাকী বিশেষ ব্যক্তি। কিন্তু কিয়?

March 31, 2023 6:51 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 31, 2023 6:03 pm

শেহতীয়াকৈ চৰ্চালৈ আহিছে দুটা নতুন বিষয় – চুমা আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। লগতে চৰ্চালৈ আহিছে এই বিষয়টোৰে সম্পৰ্কিত এগৰাকী বিশেষ ব্যক্তি।

ঘোষণা কৰা হৈছে কৰ্ণাটকৰ বিধান সভা নিৰ্বাচনৰ তাৰিখ। অহা ১০ মে’ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৰাজ্যখনত। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সমীক্ষাত কোৱা হৈছে যে এইবাৰ বিজেপিৰ হাতৰ পৰা যাব পাৰে কৰ্ণাটকৰ শাসনভাৰ। পুনৰ সংখ্যাগৰিষ্ঠ ভোটেৰে ক্ষমতালৈ আহিব পাৰে কংগ্ৰেছ। কাৰণ ক্ৰমশ: কৰ্ণাটকত হ্ৰাস পাইছে বিজেপিৰ জনপ্ৰিয়তা।

কিন্তু তাৰ মাজতে কৰ্ণাটকত দেখা গ’ল এক বিশেষ দৃশ্য। বিধান সভা নিৰ্বাচনৰ উষ্ণ বাতাবৰণৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো সম্বলিত এখন ৰাজনৈতিক পোষ্টাৰত চুমা খাই চৰ্চালৈ আহিছে কৰ্ণাটকৰ এগৰাকী কৃষক। এখন বাছত নৰেন্দ্ৰ মোডীৰ ফটো সম্বলিত পোষ্টাৰ দেখি আৱেগিক হৈ মোডীৰ ফটোত চুমা খাই দিলে এইগৰাকী কৃষকে। এতিয়া মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে মোডীৰ ছবিত চুমা খোৱা সেই বিশেষ ভিডিঅ’।

কেৱল সেয়াই নহয়, আৱেগিক কৃষকজনে স্থানীয় ভাষাতমোডীৰ ছবিখনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। তেওঁ ক’লে, “আগতে মই ১০০০ টকা পাইছিলোঁ, এতিয়া ৫০০ টকা বেছিকৈ পাওঁ৷ আপুনি আমাৰ ঘৰখন আনন্দেৰে উপছাই দিব বিচাৰে। আপুনি কৈছে যে আপুনি স্বাস্থ্য আঁচনিৰ দ্বাৰা আমাৰ চিকিৎসাৰ বাবে ৫ লাখ টকাকৈ দিব। মই আপোনাৰ ভৰি দুখন চুই দিওঁ। আপুনিয়েই এদিন সমগ্ৰ পৃথিৱী জয় কৰিব।”

এইদৰে এতিয়া এজন কৃষকৰ নৰেন্দ্ৰ মোডীৰ প্ৰতি থকা প্ৰেম আৰু সন্মানৰ আৱেগিক বহিঃপ্ৰকাশে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে।

বহুতে দাবী কৰে যে সমীক্ষাত যিয়েই নকওক কিয়, কৰ্ণাটকৰ গেৰুৱা শিবিৰৰ প্ৰচাৰৰ জোৰত এই কৃষকজনৰ দৰে বহু লোকে এতিয়াও মোডীৰ মেজিকতে বিশ্বাস কৰে।

Related News