NORTHEAST NOW (Assamese)

কেন্দ্রীয বাজেট : অসন্তুষ্ট দেশৰ কৃষক নেতা; কৃষি ক্ষেত্ৰৰ বাবে পৃথক বাজেটৰ দাবী কৃষক নেতাৰ

February 1, 2021 5:19 pm · এন ই নাও নিউজ

আজি সংসদত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰে।

এই বাজেট দাখিলৰ পিছতে দিল্লী সীমান্ত অঞ্চলত যোৱা দুমাহ ধৰি আন্দোলন অব্যাহত ৰখা কৃষক সংগঠনসমূহৰ নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কৃষক নেতা ৰাকেশ টিকাইটে বাজেটৰ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষি ক্ষেত্ৰৰ বাবে পৃথক বাজেটৰ দাবী কৰিছে।

উত্তৰ প্ৰদেশ দিল্লীৰ সীমান্তৱৰ্তী অঞ্চল গাজিপুৰত কেন্দ্ৰই শেহতীয়াকৈ প্ৰণয়ন কৰা বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত কৰা আন্দোলনক নেতৃত্ব দি অহা টিকাইটে কয় যে কৃষি ক্ষেত্ৰৰ বাবে পৃথক বাজেট থাকিব লাগে আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা কৃষকসকলৰ ঋণ চৰকাৰে মাফ কৰি দিব লাগে।

“মহাত্মা গান্ধী নিয়োগ নিশ্চিত আইন(MNREGA)ৰ অধীনত কৃষি কৰ্মৰ বাবে কৃষি শ্ৰমিকক নিয়মীয়া ধন দিয়া ব্যৱস্থা কৰিবলৈ সুকীয়া ফাণ্ড গঠন কৰিব লাগে।” কৃষক নেতা ৰাকেশ টিকাইটে লগতে কয়।

Related News