চৰকাৰৰ প্ৰস্তাৱৰ প্ৰত্যাখ্যান কষক সংগঠনৰ : ১৪ ডিচেম্বৰত দেশজুৰি ধৰ্মঘটৰ আহ্বান, ১২ ডিচেম্বৰত পথ অৱৰোধ

index.jpg

এতিয়াও নিজৰ স্থিতিত অলৰ অচৰ দেশৰ কৃষকসকল। যোৱা ছেপ্তেম্বৰত কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীৰ পৰা এতিয়াও তিলাৰ্দ্ধও আঁতৰি অহা নাই দেশৰ কৃষক সংগঠনসমূহ।

কৃষক সংগঠনসমূহেৰে কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰা ইলানিৰ পিছত সিলানি আলোচনা ব্যৰ্থ হোৱাত যোৱা ৮ ডিচেম্বৰত দেশজুৰি আহ্বান জনোৱা ৪ ঘণ্টীয়া ভাৰত বন্ধৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মংগলবাৰে সন্ধিয়া কৃষক সংগঠনৰ প্ৰতিনিধিক আলোচনালৈ আমন্ত্ৰণ কৰিছিল।

গৃহমন্ত্ৰী গৰাকীৰ সৈতে কালি অনুষ্ঠিত আলোচনাও ব্যৰ্থ হোৱাৰ পিছত কৃষক সংগঠনসমূহে পুনৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে।

অহা ১২ ডিচেম্বৰত আগ্ৰা-দিল্লী এক্সপ্ৰেছ হাইৱে অৱৰোধ কৰিব আৰু সেইদিনা দেশৰ সমগ্ৰ টোলগেটসমূহত কৰ নিদিবলৈ জনসাধাৰণক আহ্বান জনাইছে কৃষক সংগঠনসমূহে।

“১২ ডিচেম্বৰত আগ্ৰা-দিল্লীৰ এক্সপ্ৰেছ হাইৱে বন্ধ কৰা হ’ব। সেইদিনটোত দেশৰ কোনো টোলগেটতে কৰ সংগ্ৰহ কৰিব নোৱাৰিব।” কৃষক নেতা দৰ্শন পালে সংবাদ মাধ্যমৰ আগত কয়।

আনহাতে অহা ১৪ ডিচেম্বৰত কৃষক সংগঠসমূহে সমগ্ৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে।

সেইদিনা কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইন বাতিলৰ দাবীত দেশৰ প্ৰতিটো প্ৰান্ততে কৃষকসকলক অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কৃষক সংগঠনসমূহে।

ইফালে কৃষক সংগঠনসমূহে তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত দিল্লী সংগযোগী সকলোবোৰ পথ বন্ধ কৰাৰো হুংকাৰ দিছে।

“আমি তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লী সংযোগী সকলো পথ এটা এটাকৈ অৱৰোধ কৰি যাম।” কৃষক নেতাজনে কয়।