কোকৰাঝাৰত কৃষক হিতাধিকাৰীলৈ মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ ট্ৰেক্টৰ

ঘনশ্যাম দাস

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰত আজি কোকৰাঝাৰ জিলাৰ সাত গৰাকী কৃষক অধিকাৰীলৈ ট্ৰেক্টৰ বিতৰণ কৰা হয়।

কোকৰাঝাৰৰ কৰ্টপাৰাস্থিত জিলা কৃষি বিষয়াৰ কাৰ্যালয় প্ৰাংগনত আয়োজিত এক অনুষ্ঠানযোগে কৃষক কেইগৰাকীলৈ ট্ৰেক্টৰ বিতৰণ কৰা হয়৷

কৃষক অধিকাৰীৰ মাজত মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ ট্ৰেক্টৰসমূহ বিতৰণ কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যৱাহী সদস্য ঘনশ্যাম দাসে৷

ট্ৰেক্টৰ বিতৰণৰ পিচত কাৰ্যৱাহী সদস্য গৰাকীয়ে চৰকাৰে প্ৰদান কৰা ট্ৰেক্টৰসমূহ কৃষি কাৰ্যত সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ কৃষক সকলক আহ্বান জনায়।

বিভিন্ন স্থানত পূৰ্বতে বিতৰণ কৰা ট্ৰেক্টৰ সমূহৰ অপব্যৱহাৰ হোৱা বুলি দাসে উল্লেখ কৰি কয় যে বহু হিতাধিকাৰীয়ে ট্ৰেক্টৰ সমূহ বিক্ৰী কৰে অথবা লিজত দিয়ে।

”ট্ৰেক্টৰ খন নিজৰ গাঁৱৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰক যাতে গাঁৱৰ খেতিয়কে অন্য ঠাইৰ পৰা ট্ৰেক্টৰ আনিবলগীয়া নহয়। কোনো হিতাধিকাৰীয়ে যাতে ট্ৰেক্টৰ লিজত নিদিয়ে, নহ’লে আমি ব্যৱস্থা গ্ৰহণ কৰিম,” দাসৰ মন্তব্য।

তদুপৰি, ট্ৰেক্টৰৰ উপৰিও ধান কটা, মৰণা মাৰা যন্ত্ৰ আদিও প্ৰদান কৰা হ’ব বুলি অনুষ্ঠানতে ঘোষণা কৰে কাৰ্য্যবাহী সদস্য ঘনশ্যাম দাসে।