NORTHEAST NOW (Assamese)

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদত বহিল এজন কৃষক; অখিল গগৈৰ মুক্তিৰ দাবী পাঁচবছৰীয়া কণমাণিৰ

December 8, 2020 2:04 pm · পার্শ্বজোতি গগৈ
ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত বহি পিতৃ-কন্যাৰ প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও

নৰেন্দ্ৰ মোডী চৰকাৰে দেশৰ কৃষকৰ ওপৰত জাপি দিব বিচৰা কৃষক বিৰোধী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশত প্ৰতিবাদৰ জোৱাৰ উঠিছে। কৃষকৰ এই প্ৰতিবাদ দেখা পোৱা গৈছে শিৱসাগৰতো।

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আজি এগৰাকী কৃষকৰ ব্যতিক্ৰমী প্ৰতিবাদ দেখিবলৈ পোৱা গ’ল।

ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত বহি একক ভাৱে পথ অৱৰোধ কৰি প্ৰতিবাদত বহে আখৈফুটীয়াৰ অৰুণ বৰা নামৰ কৃষকজন।

ইপিনে অৰুণ বৰাৰ লগত এই প্ৰতিবাদত সহযোগ কৰে তেওঁৰ পাঁচবছৰীয়া কন্যাইয়ো।

কা’ আন্দোলনত আৰক্ষীৰ গুলিত শ্বহীদ হোৱা পঞ্চ শ্বহীদক স্মৰণ কৰি তেওঁলোকৰ ন্যায় প্ৰাপ্তিৰ বাবে প্ৰতিবাদস্থলীত পাঁচগচি চাকি জ্বালাই প্ৰতিবাদত বহে বৰা।

ইয়াৰোপৰি দেশৰ কৃষকে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সঁহাৰি জনাই কৃষক বিৰোধী আইন বাতিলৰ দাবীত আৰু প্ৰায় ১১ মাহে পৰিকল্পিতভাৱে কাৰাবন্দী কৰি ৰখা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত এইদৰে অৰুণ বৰা আৰু তেওঁৰ পাঁচ বছৰীয়া কন্যাই ৰাষ্ট্ৰীয় ঘাই পথত প্ৰতিবাদত বহে।

অৰুণ বৰাৰ পাঁচবছৰীয়া কন্যাই প্ৰতিবাদস্থলীৰ পৰা অখিল গগৈৰ মুক্তিৰ দাবী কৰে চৰকাৰক।

পিছত শিৱসাগৰ আৰক্ষীয়ে পিতৃ-কন্যাক প্ৰতিবাদস্থলীৰ পৰা উঠাই শিৱসাগৰ সদৰ আৰক্ষী থানালৈ লৈ যায়।

Related News