অসন্তুষ্ট কৃষক: পুনৰ ৰাজপথত কঁপনি তুলিলে সংযুক্ত কিষাণ মৰ্চাই

Farmers Protest

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পুনৰ ৰাজপথত নামিল দেশৰ কৃষক সংগঠন সমূহৰ সন্মিলিত মঞ্চ সংযুক্ত কিষাণ মৰ্চা। আজিৰ পৰা উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৭২ ঘণ্টীয়া মহাধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মৰ্চাই।

যোৱা বছৰ অক্টোবৰত সংঘটিত লখিমপুৰ খেৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত কিষাণ মৰ্চাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে। কৃষক হত্যাৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ পিতৃ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰক বৰ্খাস্ত কৰাৰ দাবী তুলিছে কৃষক সকলে।

প্ৰতিবাদকাৰী কৃষকসকলে লগতে তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে বছৰজোৰা প্ৰতিবাদৰ সময়ত প্ৰতিবাদী কৃষকসকলৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈও দাবী উত্থাপন কৰিছে।

এই দাবীসমূহৰ উপৰিও সংযুক্ত কিষাণ মৰ্চাই কৃষি আইন বিৰোধী প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে শস্যৰ নিম্নতম সমৰ্থন মূল্যৰ বাবে আইনী গেৰাণ্টি প্ৰদান কৰিবলৈ দাবী জনাই চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।

প্ৰতিবাদৰ অন্যতম অংশীদাৰ কৃষক সংস্থা ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি মনজিৎ সিং ৰায়ে জানিবলৈ দিয়া মতে উত্তৰ প্ৰদেশৰ লগতে পঞ্জাৱৰ ১০,০০০ কৃষকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব।

ইতিমধ্যে ইয়াৰে অধিকাংশ কৃষক বুধবাৰেই প্ৰতিবাদস্থলীত উপস্থিত হৈছে বুলি তেওঁ লগতে উল্লেখ কৰে।

যোৱা বৰ্ষৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ অন্যতম নেতা ৰাকেশ টিকাইটৰ লগতে দৰ্শন পাল আৰু যোগিন্দৰ সিং উগ্ৰহনৰ দৰে জ্যেষ্ঠ কৃষক নেতায়ো এই তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।