শস্য ক্ৰয়ত পলম; দিল্লী – চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে প্ৰতিবাদী কৃষকে

Farmers Block Delhi-Chandigarh Highway

কৃষকৰ উৎপাদিত শস্য ক্ৰয় কৰা পলম হোৱাৰ বাবে প্ৰতিবাদ কৰি হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ ওচৰৰ দিল্লী-চণ্ডীগড় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰী কৃষকে।

তেওঁলোকে কয় যে যেতিয়ালৈকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী চৰকাৰে ক্ৰয় নকৰে তেতিয়ালৈকে তেওঁলোকে ঘাইপথটো অৱৰোধ কৰি থাকিব।

লগতে প্ৰতিবাদকাৰী কৃষকসকলে কয় যে যদি আজিৰ ভিতৰতে চৰকাৰে তেওলোকৰ দাবী পূৰণ নহয়, তেন্তে তেওঁলোকে সাংসদ আৰু বিধায়কসকলৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।

কৃষকসকলে অভিযোগ কৰে যে চৰকাৰে ক্ৰয়ৰ দিন পিছুৱাই দিয়াৰ ফলত তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰায় এমাহ ধৰি মুকলিকৈ পৰি আছে। যোৱা দুদিন ধৰি হোৱা বৰষুণে শস্য নষ্ট কৰি সমস্যা বৃদ্ধি কৰিছে।

“উৎপাদিত শস্য এমাহ ধৰি মাটিত পৰি আছে। আমি আমাৰ উৎপাদিত সামগ্ৰীৰ ২০ শতাংশ হেৰুৱাইছো। তাৰ বাবে কোনে আমাক ক্ষতিপূৰণ দিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা স্বত্বেও, এটাও শস্য ক্ৰয় কৰা হোৱা নাই। তেওঁলোকে আমাক মিছা প্ৰতিশ্ৰুতি দিয়ে।” পৱন চিৰছলা নামৰ এজন প্ৰতিবাদী কৃষকে কয়।

ভাৰতীয় কিষাণ ইউনিয়নৰ (BKU)ৰ কিষাণ মহামন্ত্ৰী অমৰীক সিঙে এই সন্দৰ্ভত কয়, “চৰকাৰে কৈছিল যে তেওঁলোকে ২৫ তাৰিখে উৎপাদিত সামগ্ৰী ক্ৰয় কৰিব, তাৰ পিছত তেওঁলোকে কৈছিল যে তেওঁলোকে এই শস্য ১ তাৰিখে ক্ৰয় কৰিব আৰু পুনৰ ইয়াক ১১ তাৰিখলৈ পিছুৱাই দিছে। যোৱা নিশা বৰষুণ উৎপাদিত সামগ্ৰী নষ্ট কৰিছে। ইয়াৰ বাবে চৰকাৰ দায়বদ্ধ। তেওঁলোকে অতি সোনকালে আক্ৰয়মাৰ উৎপাদিত শস্য ক্ৰয় কৰিব লাগে।”

কৃষক নেতা গৰাকীয়ে লগতে কয়, “তেওঁলোকে উৎপাদিত সামগ্ৰী ক্ৰয় নকৰালৈকে আমি প্ৰতিবাদ অব্যাহত ৰাখিম। যদি আজি আমাৰ দাবী পূৰণ নহয়, তেন্তে আমি সাংসদ, বিধায়কসকলক আমাৰ উৎপাদিত সামগ্ৰীৰ সৈতে ঘেৰাও কৰিম আৰু আমাৰ শস্যৰ বিক্ৰী আৰম্ভ নোহোৱালৈকে এই প্ৰতিবাদ বন্ধ নকৰোঁ ।”

উল্লেখ্য যে কালি কৃষকসকলে ভাৰতীয় কিষাণ ইউনিয়নৰ মুৰব্বী গুৰনাম সিং চাদুনিক আটক কৰাৰ পিছত দিল্লী-অমৃতসৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।