• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমাপ্তি ঘটিব কৃষক আন্দোলনৰ, ১১ ডিচেম্বৰত প্ৰতিবাদস্থলী এৰিব কৃষকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2021 3:37 pm
Farmer Protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত দীৰ্ঘদিনীয়া কৃষক আন্দোলনৰ সমাপ্তিৰ ইঙ্গিত দিছে কৃষক নেতৃত্বই। তেওঁলোকে ঘোষণা কৰিছে যে শনিবাৰে, ১১ ডিচেম্বৰত ১৫ মহীয়া কৃষি আন্দোলনৰ সমাপ্ত কৰিব আৰু তেওঁলোকৰ ঘৰলৈ উভতি যাব।

সূত্ৰ অনুসৰি কৃষক সংগঠনবোৰে আজি সন্ধিয়া ৫.৩০ বজাত বিজয় প্ৰাৰ্থনাৰ পৰিকল্পনা কৰিছে। ১১ ডিচেম্বৰৰ পুৱা প্ৰায় ৯ বজাত দিল্লীৰ সীমান্তৰ সিংগু আৰু টিক্ৰী প্ৰতিবাদস্থলীত বিজয় যাত্ৰা অনুষ্ঠিত হ’ব। ১৫ ডিচেম্বৰত দিল্লীত সংযুক্ত কিষাণ মৰ্চাই আন এখন বৈঠক অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে।

যোৱা ২১ নৱেম্বৰত সংযুক্ত কিষাণ মৰ্চাই (এছকেএম) ছয়টা দাবী সম্বলিত এখন পত্ৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱাৰ পিছত কেন্দ্ৰই কালি এছকেএমৰ পাঁচ জনীয়া সমিতিলৈ এখন লিখিত খচৰা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছত কৃষকসকলে স্পষ্ট কৰিছিল যে বিতৰ্কিত আইনসমূহ বাতিল কৰাটো তেওঁলোকে উত্থাপন কৰা কেইবাটাও দাবীৰ ভিতৰত কেৱল এটা আছিল। কৃষকৰ আন সমূহ দাবী পূৰণ নোহোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা কৰিছিল।

যোৱা সপ্তাহত, কৃষকসকলে কৈছিল যে গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰ সৈতে এটা ফোন কলৰ জৰিয়তে তেওঁলোকে উত্থাপন কৰা বিষয়বোৰ আলোচনা কৰিবলৈ পাঁচজনীয়া এখন পেনেল গঠনৰ আহ্বান জনাইছিল।

এই প্ৰস্তাৱৰ অংশ হিচাপে MSP কে ধৰি কৃষকৰ আন দাবী সম্পৰ্কে নিৰ্ণয় কৰিবলৈ এখন সমিতি গঠন কৰিবলৈ এছকেএমৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। সমিতিখনত চৰকাৰী বিষয়া, কৃষি বিশেষজ্ঞ আৰু এই প্ৰতিবাদৰ নেতৃত্ব দিয়া কৃষক সংগঠনসমূহৰ সন্মিলিত সংস্থা সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিনিধিসকল থাকিব।

সূত্ৰ অনুসৰি কেন্দ্ৰই কৃষকসকলৰ সকলো দাবীৰ ওপৰত চৰ্চা কৰিবলৈ মান্তি হৈছে। লগতে প্ৰতিবাদৰ সময়ত কৃষক সকলৰ বিৰুদ্ধে আৰোপ কৰা সকলো গোচৰ বাদ দিবলৈ সন্মত হৈছিল বুলিও সূত্ৰটোৱে লগতে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd