লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ জামিন: ৮ সপ্তাহৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

Lakhimpur Kheri case

২০২১ চনত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকক হত্যা কৰাৰ অভিযোগত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক আজি উচ্চতম ন্যায়ালয়ে ৮ সপ্তাহৰ জামিন প্ৰদান কৰে। মিশ্ৰক জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কিছু বিশেষ নিৰ্দেশনাও জাৰি কৰে।

উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি জামিনত বাহিৰত থকা সময়ত আশীষ মিশ্ৰ উত্তৰ প্ৰদেশ বা দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত থাকিব নোৱাৰিব। এসপ্তাহৰ ভিতৰত তেওঁক উত্তৰ প্ৰদেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।

শীৰ্ষ আদালতে লগতে আশীষ মিশ্ৰ বা তেওঁৰ পৰিয়ালে হত্যাকাণ্ডৰ গোচৰৰ সাক্ষীক প্ৰভাৱিত কৰাৰ যিকোনো চেষ্টা কৰিলে মিশ্ৰৰ জামিন বাতিল কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে।

যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে কোনো অভিযুক্তক দোষী সাব্যস্ত নোহোৱালৈকে অনিৰ্দিষ্টকালৰ বাবে কাৰাগাৰত বন্দী কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছিল।

ইফালে আশীষ মিশ্ৰৰ জামিনৰ বিৰোধিতা কৰি জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত ডেভে মিশ্ৰৰ জামিনে সমাজলৈ এক ভয়ংকৰ তথা অশুভ বাৰ্তা প্ৰেৰণ কৰিব বুলি মন্তব্য কৰিছিল।

আনহাতে আশীষ মিশ্ৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা মুকুল ৰোহটগীয়ে যুক্তি আগবঢ়ায় যে মিশ্ৰক এবছৰতকৈ অধিক সময় জিম্মাত ৰখা হৈছে। বিচাৰৰ গতিবিধি লক্ষ্য কৰিলে বিচাৰ সম্পূৰ্ণ হ’বলৈ সাতৰ পৰা আঠ বছৰ লাগিব পাৰে বুলি আঙুলিয়াই দিয়ে।

উল্লেখ্য যে দেশজোৰা কৃষক আন্দোলনৰ ভৰপক সময়তে ২০২১ চনৰ ৩ অক্টোবৰত লখিমপুৰ খেৰী জিলাৰ টিকুনিয়াত উত্তৰ প্ৰদেশৰ তদানীন্তন উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ ভ্ৰমণৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ বাহনে প্ৰতিবাদী কৃষকসকলক মহতীয়াই নিয়া বুলি অভিযোগ উঠিছিল।

এই নৃশংস ঘটনাত চাৰিগৰাকী কৃষকৰ মৃত্যু হৈছিল। আনহাতে ঘটনাৰ পিছতে ক্ষুব্ধ কৃষকসকলে প্ৰত্যাক্ৰমণ চলোৱাত এগৰাকী সাংবাদিকসহ চাৰিগৰাকী লোকৰ মৃত্যু হৈছিল।

যোৱা বৰ্ষৰ ৬ডিচেম্বৰত বিচাৰ আদালতে এই গোচৰৰ মূল অভিযুক্ত আশীষ মিশ্ৰসহ আন ১২ গৰাকী অভিযুক্তৰ বিৰুদ্ধে হত্যা, অপৰাধমূলক ষড়যন্ত্ৰকে ধৰি আন কেইবাটাও অপৰাধৰ অভিযোগ আৰোপ কৰিছিল। ইয়াৰ ফলত গোচৰৰ বিচাৰ আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈছিল।

আদালতে লগতে আশীষ মিশ্ৰসহ হত্যাকাণ্ডৰ সৈতে জড়িত সকলো অভিযুক্তৰ বিৰুদ্ধে বিচাৰ চলোৱা হ’ব বুলি নিশ্চিত কৰিছিল।

গোচৰৰ বিচাৰ চলি থকা সময়তে অভিযুক্ত আশীষ মিশ্ৰৰ পিতৃ বিজেপিৰ শক্তিশালী নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰই সাক্ষীক হেঁচা প্ৰয়োগ কৰা আৰু গুণ্ডাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক সকলৰ পৰিয়ালে।