যোৱা সময়ছোৱাত বিশেষকৈ উগ্ৰ হিন্দুত্ববাদী শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত ৰাজনৈতিক দলটোৱে দ্বিতীয়বাৰৰ বাবে দেশৰ শাসনৰ বাঘজড়ী নিজৰ হাতলৈ নিয়াৰ পিছত অন্যান্য ৰাজ্যৰ লগতে অসমতো ব্যাপক সাম্প্ৰদা্য়িক মেৰু বিভাজনৰ প্ৰচেষ্টা অব্যাহত আছে। শাসক দলটোৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ইয়াৰ সহযোগী শক্তিসমূহে সময়ে সময়ে স্ংঘটিত বিক্ষিপ্ত ঘ্টনা কিছুমানৰ গইনা লৈ ৰাজ্যখনত সাম্প্ৰদায়িক উত্তেজনা বিয়পাই হিন্দু-মুছ্লমানৰ মাজত ব্যাপক মেৰু বিভাজনৰ অভিসন্ধি অব্যাহত ৰাখিছে। ৰাজ্যখনত ঘটা এনে বিক্ষিপ্ত ঘ্টনাসমূহৰ আলমলৈ এই শক্তিসমূহে অসমীয়া জাতিয়্তাবাদী চেতনাকো নিজৰ ধৰণে সংজ্ঞায়িত কৰি ৰাজনৈতিক ভেটি মজবুত কৰিব বিচাৰিছে। অৱশ্যে নানা দ্বন্দ্ব-সংঘাত আৰু ভাষিক তথা জনগোষ্ঠীগত ভিন্নতা স্বত্বেও অসমীয়া জাতিৰ এতিয়ালৈকে বৰ্তি থকা প্ৰগতিশীল চৰিত্ৰৰ বাবে এই শক্তিসমূহৰ এনে অভিসন্ধি অদ্যাপি সম্পূৰ্ণৰুপে সফল হোৱা নাই।
যোৱা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ শিলন্যাসৰ দিনা শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুডুবা নামৰ নেপালী, বড়ো আৰু বংগমুলীয় মুছলমান অধ্যুষিত অঞ্চলটোত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ ঘ্টনাৱ্লী আছিল এই শক্তিসমূহৰ এনে অভিসন্ধিৰ অংশবিশেষ ।
ঘটনাৰ পিছত বিভিন্ন নেতাবোৰৰ ভাষণত স্থানীয় মানুহৰ মৌলিক সমস্যা বা তাৰ সমাধানৰ কথা উল্লেখ নাই, বৰং সেইবোৰ গৌণ কৰি সাম্প্ৰদায়িক নেতাসকলে ৰাজনৈতিক লাভা-লাভৰ অংকত স্থানীয় সম্প্ৰদায়ৰসমূহৰ মাজত সংঘাতৰ পৰিৱেশহে সূচনা কৰিছে। আমি চেপা উত্তেজনা বিৰাজ কৰি থকা গৰুডুবা অঞ্চলটো পৰিভ্ৰমণ কৰি বিভিন্ন সন্প্ৰদায়ৰ লোকৰ সৈতে মত-বিনিময়ৰ জৰিয়তে সমগ্ৰ ঘটনাতো, অঞ্চলটোৰ ইতিহাস, কৃষকৰ সমস্যা আৰু ইয়াৰ লগত জড়িত ৰাজনীতি আদিবোৰ জানিবলৈ প্রয়াস কৰিছিলো।
৫ আগষ্টত প্রকৃততে কি হৈছিলঃ
যোৱা ৫ আগষ্টত শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দাতিকাষৰীয়া গৰুডুবা, ভৰা শিঙৰী নামৰ অঞ্চলটোত এক সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি হয়। এই অঞ্চলৰ ব্ৰক্ষ্মপুত্ৰৰ পাৰতে এটা সৰু পাহাৰ আছে (স্থানীয় লোকে চুটি পাহাৰ বুলি কয়) য’ত হৰ-গৌৰী নামেৰে এটি মন্দিৰ আছে আৰু নেপালী সম্প্ৰদায়ৰলোকসকলে তাতে পূজা-অৰ্চনা কৰে। পাহাৰটো অথবা মন্দিৰলৈ যাবলৈ ভৰা শিঙৰী নামৰ বংগমুলীয় মুছলমান অধ্যুষিত গাঁওখনৰ মাজেৰে যাব লাগে৷স্থানীয় লোকৰ মতে পাহাৰৰ দাঁতিতে লাগি থকা শ্বাহা আলী নামৰ ব্যক্তিজনৰ ঘৰৰ পৰাই বহুবছৰ ধৰি মন্দিৰলৈ পানীৰ যোগান ধৰা হৈছিল। তাৰোপৰি প্রতিবছৰে আঘোণ মাহত মন্দিৰত এখন বৃহৎ মেলা বহে য’ত মুছলমান মানুহবোৰেও বিভিন্ন দোকান দিয়ে। ৫ আগষ্টৰ আগলৈকে সেই অঞ্চলত হিন্দু-মুছলমানৰ মাজত কোনে ধৰণৰ সংঘাত নাছিল বুলিও দুয়োপক্ষই আমাক জানিবলৈ দিছিল৷
ঘটনাৰ দিনাখন বজৰং দলে ঢেকিয়াজুলীৰ পৰা এক মটৰ চাইকেল সমদলৰ কাৰ্যসুচী হাতত লয়। অসমৰ্থিত সূত্ৰৰ মতে সমদলৰ বাবে যি বিভাগীয় অনুমতি সেয়া ৰাষ্ট্ৰীয় ঘাইপথত ঢেকিয়াজুলীৰ পৰা ঠেলামৰালৈ আছিল। ঠেলামৰাত উপস্থিত হৈ সমদলটোৱে হঠাতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্রায় ৭-৮ কিলোমিটাৰ ভিতৰৰ হৰ-গৌৰী মন্দিৰলৈ যাবলৈ সিদ্ধান্ত লয় আৰু কেইজনমান আৰক্ষীয়েও তেওঁলোকক নিৰাপত্তা দি লৈ যায়। গৰিষ্ঠ সংখ্যক বঙালী হিন্দু সম্প্ৰদায়ৰ যুৱকে অংশ লোৱা সমদলটোত কিছু নেপালী, আদিবাসী তথা দুই এজন বড়ো সম্প্ৰদায়ৰ যুৱক থকা বুলিও প্রত্যক্ষদৰ্শীয়ে আমাক জানিবলৈ দিয়ে।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে সমদলত থকা যুৱকৰ দলটোৱে উচ্চ স্তৰত ডি জে বজাই, জয় শ্ৰীৰাম ধ্বনি দি তথা আতচবাজীৰে সৈতে গৰুডুবা অতিক্ৰম কৰি মন্দিৰৰ দিশে ভৰা-শিঙৰী গাঁৱৰ মাজেৰে আগবাঢ়ে৷ শিঙৰী, গৰুডুবা অঞ্চলটোত নেপালী, মুছলমান তথা বড়ো সম্প্ৰদায়ৰ মূলতঃ কৃষিজীৱী লোকে অতীজৰে পৰা বাস কৰি আহিছে। অভিযোগমতে বহু যুৱকে ভৰা শিঙৰী গাঁৱত প্রৱেশ কৰাৰ পিছত বংগমূলীয় মুছলিম মানুহৰ ঘৰলৈ লক্ষ্য কৰি আতচবাজী দলিওৱাৰ লগতে গাঁওখনৰ মছজিদক লক্ষ্য কৰিও আতচবাজী দলিয়াই এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় দুই-এক ব্যক্তিয়ে তেওঁলোকক মছজিদলৈ ফটকা আদি নদলিয়াবলৈ কয় যদিও আৰক্ষীৰ উপস্থিতিতে যুৱকৰ দলটোৱে গাঁৱৰ মানুহক উভটি ধৰে আৰু বৰ্ণবিদ্বেষী, “তহত বাংলাদেশী” আদি কথাৰে তাচ্ছিল্য কৰে। এনে বাক-বিতণ্ডা, কথাৰ কটাকটি কিছু সময়ৰ পিছত শাৰিৰীক আক্ৰমণ, প্ৰত্যাক্ৰমণ আদিলৈ ৰূপান্তৰিত হয় আৰু পৰিস্থিতিৰ হঠাৎ অৱনতি ঘটে৷ কেইজনমানহে আৰক্ষী থকা সেই সময়ছোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। এনে এক অভাৱনীয় পৰিস্থিতিত গাঁৱৰ গৰিষ্ঠসংখ্যক লোক ওলাই অহাত সমদলটোত অংশ লোৱা যুৱকসকল পিছ হুহুকিবলৈ বাধ্য হয় যদিও কিছু যুৱক মন্দিৰত প্রৱেশ কৰাৰ বাবে সেই ঠাইতে আৱদ্ধ হৈ পৰে।
পিছ হুহুকি যুৱকসকলে গৰুডুবা চেণ্টাৰত থমকি ৰয় আৰু বিভিন্ন কামত গাঁৱৰ পৰা ঠেলামৰা বা অন্য ঠাইলৈ আহি ঘৰমুৱা হোৱা অৱস্থাত কেইবাজনো মুছলিম লোকক শাৰীৰিকভাৱে অপদস্থ কৰে৷ ইয়াৰ প্রথম বলি হয় চিকন্দৰ আলী নামৰ স্থানীয় গাঁও পঞ্চায়তৰ সদস্যজন৷ তেওঁৰ বাইকখনো জ্বলাই দিয়া হয়৷ অন্য এক ১২ জনীয়া মুছলমান লোকৰ দল যিসকল এখন সৰু গাড়ীত বিয়াৰ বন্দবস্তৰ বাবে গৈছিল উভটনিৰ পথত গৰুড়ুবাত যুৱকৰ দলটোৰ হাতত নিগৃহীত হোৱাৰ লগতে তেওঁলোকে ভাড়া কৰা ছৰাব আলীৰ গাড়ীখন জ্ব্লাই দিয়ে। এইদৰে যুৱকৰ ‘দলটোৱে চাৰিখন বাইক আৰু এখন যাত্ৰীবাহী সৰু গাড়ী জ্বলাই দিয়ে৷ ইয়াৰোপৰি চাৰিজন লোকক স্থানীয় ভানুসংঘ নামৰ ৰাজহুৱা অনুষ্ঠানটোত আৱদ্ধ কৰি ৰাখে৷ প্রতিক্ৰিয়াস্বৰূপে মন্দিৰত আৱদ্ধ হৈ থকা যুৱককেইজনৰো ৪ খন বাইক একাংশ মুছলমান লোকে জ্বলাই দিয়ে। ইতিমধ্যে উচ্চপদস্থ আৰক্ষী আৰু জিলা প্রশাসনৰ বিষয়া তাত উপস্থিত হয় আৰু প্ৰশাসনৰ মধ্যস্থতাত দুয়োপক্ষই নিজা|-নিজা জিন্মাত থকা লোককেইজনক মুকলি কৰি দিবলৈ সন্মত হয় যদিও ভানু সংঘৰ পৰা লোককেইজনক উলিয়াই আনোতে দুস্কৃতিকাৰয়ে শিলাবৰ্ষণ কৰি আৰক্ষী-প্রশাসনৰ গাড়ীৰ ক্ষতি কৰে। নিশালৈ ভৰা শিঙৰীৰৰ দুজন মুছলমান ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰু তিনিদিনৰ পাছত তেওঁলোকে জামিনত মুক্তি লাভ কৰে৷ স্থানীয় লোকে জনোৱামতে সমদলটোত অহা যুৱকৰ একাংশই উপাযুক্তৰ গাড়ীলৈ শিলাবৰ্ষণ কৰিছিল। তাৰোপৰি গৰুডুবাত আৱদ্ধ হৈ পৰা ভৰা শিঙৰীৰ কেইবাজনো লোকক-স্থানীয় নেপলীলোকে যুৱকসকলৰ হাতৰপৰা উদ্ধাৰ কৰিছিল বুলি ঘটনাত নিগৃহীত চিকন্দৰ আলীয়ে আমাক জনাইছিল।
আপাতঃ দৃষ্টিত ঘটনাটো খুব সৰু হ’লেও পিছৰ পৰ্যায়ত তাক যিমান পাৰি সিমান সাম্প্ৰদায়িক ৰূপ দিবলৈ শাসকপক্ষৰ কেইবাজনো নেতাই ব্যাপক চেষ্টা চলায়। গোটেই ঘটনাটোত আৰক্ষী-প্রশাসনৰ পক্ষপাতদুষ্ট ভূমিকাও সমালোচিত হৈছে। উদাহৰণস্বৰূপে অনুমতিবিহীন অঞ্চলটোৰ মাজেৰে সমদলটো জোৱাৰ বিৰুদ্ধে একো ব্যৱস্থা লোৱা নহল। তাৰোপৰি উপাযুক্তৰ গাড়ীত শিলাবৰ্ষণ কৰা সম্পৰ্কত আৰক্ষীয়ে স্বেচ্ছাই (suo moto) এটা গোচৰ ল’লে আৰু ভৰা শিঙৰী মুছলমানলোকে দিয়া বিভিন্ন এজাহাৰ গ্ৰহণ কৰিলে যদিও আৰক্ষীয়ে অদ্যাপি কোনো ব্যৱস্থা নল’লে।
নাম প্ৰকাশত অনিচ্ছুক এগৰাকী আৰক্ষী বিষয়াই জনোৱামতে আঠজন মুছলমান ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল (তেওঁলোকে ইতিমধ্যে জামিন লাভ কৰিছে) যিয়ে দেখুৱাই প্ৰশাসনৰ পুতৌ লগা অনুসন্ধান তথা অৱস্থান। দুখৰ বিষয প্ৰশাসনে অঞ্চলটোত স্থানীয়লোকৰ মাজত সদভাৱ ঘূৰাই আনিবলৈ এখনো শান্তি সমিতিও গঠন নকৰিলে বা তেনে প্ৰচেষ্টাও নল’লে বৰং ঢেকিয়াজুলি আৰু ঠেলামৰা থানাৰ অন্তৰ্গত ঠাইসমূহত সান্ধ্য আইন দি সাধাৰণ ৰাইজৰ তাত প্রৱেশ নিষিদ্ধ কৰি শাসক পক্ষৰ সাম্প্ৰদায়িক কিছু নেতাক তালৈ আহিবলৈ দি শান্তি সম্প্ৰীতি বিঘ্নিত কৰাৰহে সুবিধা দিলে। সুখৰ কথা দুদিনমানৰ পিছত নিকটৱৰ্তী কাৱৈমাৰী অঞ্চলত প্রশাসনৰ এনে পদক্ষেপৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহে আৰু প্ৰশাসনৰ পক্ষপাতদুষ্ট সিদ্ধান্তক প্রশ্ন কৰাত সান্ধ্য আইন শিথিল কৰা হয়৷
বিগত সময়ছোৱাত অসমৰ বিভিন্ন ঠাইত মন্দিৰত গো-মাংস বা মছজিদত গাহৰিৰ মাংস পেলাই সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব বিচৰা কিছু ঘটনা আমি দেখিছিলো আৰু লাহে লাহে সেইবোৰত কোন জড়িত সেয়াও পিছত পোহৰলৈ আহিছিল। সেই মডেলটোৱে সাম্প্ৰদায়িক ৰাজনীতিত বৰ সুফল নোপোৱাত এতিয়া মুছলমানে “পাকিস্তান জিন্দাবাদ” ধ্বনি দিয়ে বুলি প্ৰচাৰ চলোৱা হয়। গৰুডুবা-ভৰাশিঙৰীৰ ঘটনাও তাৰ ব্যতিক্ৰম নহয়৷ ঘটনাৰ দিনাখনেই তেনে অভিযোগ উঠিছিল যদিও শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকে তেনে কোনো ধ্বনি দিয়া হোৱা নাছিল বুলি স্পষ্ট কৰি দিছিল। দুৰ্ভাগ্যবশতঃ গৰুডুবাৰ নেপালী সম্প্ৰদায়ৰ কিছু লোকে মুছলমান লোকসকলে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি বিশ্বাস কৰে আৰু তাক প্রমাণৰ বাবে তেওঁলোকৰৰ হাতে হাতে ঘূৰি ফুৰিছে এটা সম্পাদিত (ডক্টৰড) ভিডিঅ’। নগৈ গড়গাঁৱৰ বাতৰি দিয়াসকলে যিটো কথা (নেৰেটিভ) বেছ জনপ্ৰিয় কৰি তুলিছে সেইটো হৈছে মুছলমান লোকসকলে সমদলটো যোৱা বাটত বাঁহৰ জেওৰা পুতি থৈছিল। চৰজমিন অনুসন্ধানে দেখুৱাইছে বাৰিষা কালত পথছোৱা অত্যধিক বোকা হৈ পানী জম| হৈ গাঁত হোৱাৰ বাবে পথচাৰী আৰচাদ আলীৰ ভূমিৰ মাজেৰে অহা-যোৱা আৰম্ভ কৰে (এক বাইপাছ ধৰণে)। মাটিৰ মালিকে বাটৰুৱাৰ সঘন আহ-যাৱত অসুবিধা পাই নিজৰ ভূমিতে এখন জেওৰা লগায় যাক এতিয়া পথৰ ওপৰত জেওৰা পোতা বুলি প্রচাৰ চলোৱা হৈছে।
গৰুডুবা-ভৰাশিঙৰীৰ গ্রাম্য অৰ্থনীতি আৰু ইতিহাসঃ
ক্ষেত্ৰ অধ্যয়নৰ সময়ছোৱাত আমি গাঁও দুখনৰ ইতিহাস তথা বিভিন্ন সম্প্ৰদায়ৰ কৃষকৰ সমস্যা, তেওঁলোকৰ মাজৰ আন্তঃসম্পৰ্ক আদিবোৰ জানিবলৈ প্রয়াস কৰিছিলো৷ অঞ্চলটোৰ বয়োজেষ্ঠ কিছু লোকে আমাক জনোৱামতে উপনিৱেশিক সময়তে নেপালী সম্প্ৰদায়ৰ কিছু লোকে অসমৰ বিভিন্ন স্থানৰপৰা গৰু-ম’হৰ খুটি পাতিবলৈ গ্ৰেজিং ভূমি তথা বনাঞ্চলৰ সন্ধানত আহি গৰুডুবাত থিতাপি লৈছিল৷ সেইছোৱা সময়ত অঞ্চলটো ঘন হাবি-জংঘলেৰে ভৰি আছিল আৰু ব্ৰহ্মপুত্ৰও বেছ দূৰৈত আছিল। অঞ্চলটোত মূলতঃ নেপালী সম্প্ৰদায়ৰ লোকে পোনতে থিতাপি ল’লেও পৰৱৰ্তী সময়ত বহ্মপুত্ৰৰ দক্ষিণপাৰে হোৱা খহনীয়াত নিজা মাটি হেৰুৱাই প্রায় ১৭ টা মুছলমান পৰিয়াল ভৰা শিঙৰী গাঁৱত সংস্থাপিত হৈছিল। প্রাথমিক অৱস্থাত নেপালী লোকসকলে দুগ্ধ উৎপাদন তথা নগদী শস্য (cash crop)) যেনে সৰিয়হ আদি উৎপাদন কৰিছিল যদিও সময়ৰ লগে-লগে জংঘল মুকলি কৰি আহু আৰু পিছলৈ শালি খেতি আৰম্ভ কৰে।
১৯৫০ চনৰ বৰভূঁইকপৰ পিছত হোৱা ব্ৰক্ষ্মপুত্ৰৰ গৰাখনীয়াই অঞ্চলটোৰ ভূগোলৰ ব্যাপক পৰিৱৰ্তন ঘটায় আৰু বহুলোকক স্থানচ্যুত কৰে। পূৰ্বৰ চৰকাৰী হিচাপমতে ভৰা শিঙৰী অঞ্চলটোৰ মুঠ ভূমি প্রায় ২২১১ বিঘা, তাৰে ৩৪২বিঘা ম্যাদী ৯৭০ বিঘা একচনীয়া আৰু ২১ বিঘা চিলিং মাটি ৷৮৯৯ বিঘা চৰকাৰী মাটিৰ ভিতৰত আছে ভিজিআৰ (ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ) আৰু চৰকাৰী মাটি৷ দুখৰ বিষয় উল্লিখিত বহুখিনি ভূমিয়েই ইতিমধ্যে ব্ৰহ্মপুত্ৰত জাহ গৈছে আৰু গ্ৰেজিং ৰিজাৰ্ভ বা অন্য প্রকাৰৰ মাটিসমুহো সংকুচিত হৈ আহিছে। আনকি তাহানিৰ বৰছলা সমষ্টিৰ বিধায়ক বিজয় শৰ্মাই অঞ্চলটোত খহনীয়া বৃদ্ধি পোৱাত নেপালী সম্প্ৰদায়ৰ লোকসকলক পৰম্পৰাগত গৰু-ম’হৰ খুটিৰ সলনি চাপৰিত কৃষি-কাৰ্য কৰিবলৈহে পৰামৰ্শ দিছিল।
১৯৫৮ চনমানৰ আৰম্ভ হোৱা খহনীয়াই ৯০ৰ দশকত কেৱল ভৰা শিঙৰী বা গৰুডুবাতে নহয় বৰং ব্ৰক্ষ্মপুত্ৰৰ কাষে কাষে থকা সমগ্ৰ বৰছলা সমষ্টিতেই কৃষকৰ বিস্তৰ কৃষিভূমি ও বাৰী মাটি গ্ৰাস কৰে। খহনীয়াত সৰ্বস্বান্ত কৃষকক গৰুডুবাৰ ওচৰে পাজৰে কিছুলোকক চৰকাৰে সংস্থাপন দিয়ে, য’ত বংগমূলীয় মুছলমান পৰিয়ালকেইটাও আছিল।
আমি যদি সমগ্ৰ অঞ্চলটোৰ (গৰুডুবা আৰু ইয়াৰ কাষৰীয়া) বিগত সময়ৰ ইতিহাস চাওঁ তেনে দেখিম যে খহনীয়াত ইতিমধ্যেই কৃষকে বৃহৎ ভূমি হেৰুৱাইছে। উদাহৰণস্বৰূপে তেলীয়া পথাৰ আৰু সিপৰীয়া চাপৰি নামৰ গাঁও দুখন সম্পূৰ্ণৰূপে নদীত জাহ গৈছে। একে ধৰণেৰে তেলিয়া গাঁও আৰু সিপৰীয়া বতাবাৰীৰ আধাতকৈ বেছি অংশ নদীত মিলি গৈছে আৰু এক বুজন সংখ্যক পৰিয়াল স্থানচুত্য হৈছে। তাৰোপৰি খহনীয়াৰ শংকাত বহু নেপালী পৰিয়ালে ইতিমধ্যেই নিজা মাটি মুছলমান সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰি সেই স্থানৰ পৰা আঁতৰি গৈছে।
প্রত্যেকতো অঞ্চলৰে নিজা এক ইতিহাস থকাৰ লগে-লগে স্থানীয়ভাৱে ৰাজনৈতিক গতিবিধি (political dynamics) থাকে। ভৰা শিঙৰী-গৰুড়ুবাৰ দক্ষিণলৈ ব্ৰহ্মপুত্ৰৰ মাজত বৃহৎ চৰ-চাপৰি আছে য’ত মূলতঃ মুছলমান সম্প্ৰদাধৰ লোকে বসবাস কৰে। যোৱা বছৰ আমি এক গৱেষণাৰ কামত সেই চৰ-চাপৰিবোৰ ভ্ৰমণ কৰিছিলো আৰু আমাৰ প্রাথমিক অনুসন্ধানে দেখুৱাইছিল যে চৰৰ গৰিষ্ঠসংখ্যক লোকেই নগাঁও, মৰিগাঁও আদি অঞ্চলৰ পৰা বান-খহনীয়াত মাটি হেৰুৱাই থিতাপি লোৱা লোক। সাংস্কৃতিকভাৱে বা প্রযোজনীয়তাৰ খাতিৰত মুছলমান লোকসকলে চৰ-চাপৰি বা বান হোৱা অঞ্চলত যুঁজ দি জীয়াই থাকে। বৃহত্তৰ গৰুডুবা, তেলিয়াগাঁও আদি অঞ্চলত খহনীয়া আৰম্ভ হোৱাৰ পৰাই নিজা মাটি খহনীয়াত যোৱাৰ শংকাত বহু নেপালী পৰিয়ালে মুছলমানক মাটি বিক্ৰী কৰা আৰম্ভ কৰে। চৰ-চাপৰিৰ বহু পৰিযালে মাটি ক্ৰয় কৰি ভৰা শিঙৰীত থিতাপি লয় আৰু মুছলমানৰ জনসংখ্যাও বৃদ্ধি পাবলৈ ধৰে৷
তাৰোপৰি নদীয়ে বহুসময়ত গতি সলনি কৰাৰ বাবে নতুন মাটি মুকলি হয়৷ গৰুডুবাও তাৰ ব্যতিক্ৰম নহয়। নকৈ ওলোৱা মাটি কোনে দখল কৰিব সেই লৈ কাষৰীয়া বড়ো আৰু নেপালী সম্প্ৰদায়ৰ মাজত এক শীতল যুদ্ধ আৰম্ভ হয় । বড়ো লোকৰ আগ্ৰাসন ৰোধৰ বাবে
নেপালী সম্প্ৰদায়ৰ লোকসকলে নিজা ভূমি বংগমুলীয় মুছলমানক বিক্ৰী কৰি ভৰা শিঙৰীত মুছলমানৰ সংখ্যা বৃদ্ধিত সহযোগ কৰিছিল আৰু তেওঁলোকৰ সহযোগত ন-মাটি দখল কৰিছিল। নেপালী সম্প্ৰদায়ৰ লোকসকলে বহুসময়ত চৰকাৰী কাগজ-পত্ৰ নোহোৱাকৈ বা মৌখিকভাৱে মাটি বিক্ৰীৰ অলেখ উদাহৰণ আছে। তাৰোপৰি বড়ো, নেপালী আৰু মুছলমানৰ মাজত সহৱস্থান আৰু সমিলমিলৰ উদাহৰণো আছে। যেনে যোৱা বছৰ তিনিওটা সম্প্ৰদায়ৰ লোকসকলৰ প্রায় এশজন লোকক লৈ এখন সমিতি গঠন কৰি ব্ৰক্ষ্মপুত্ৰৰ চৰত সমবায় ভিত্তিত খেতি কৰাৰ পৰিকল্পনা লোৱা হৈছিল আৰু সেই সুত্ৰে মাটিও মোকলোৱা হৈছিল। এনেবোৰ উদাহৰণে দেখুৱায় অৰ্থনৈতিক প্রযোজনীয়তাত বিভিন্ন সম্প্ৰদায়বোৰ ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল৷ অৱশ্যে স্থানীয় কিছু নেপালী লোকে মন্দিৰলৈ যোৱাত তেওঁলোকে অসুবিধা পোৱাৰ কথা আমাক জনাইছিল। বিশেষকৈ মুছলমান লোকৰ ঘৰসমুহ পথৰ একেবাৰে দাঁতিত লাগি থকা অথবা কাপোৰ আদি মেলি থোৱাৰ বাবে মন্দিৰলৈ যাওঁতে তেওঁলোকৰ মনলৈ অশুচি ভাব অহা বুলি কৈছিল। কিন্তু সেই লৈ বা অন্য বিষয় লৈ কোনো সংঘাট আজিলৈ হোৱা নাই। শেহতীয়া ঘটনা সম্পৰ্কত ভৰা শিঙৰীৰ মুছলমান লোকসকলৰ ফালৰ পৰাও কেইবাখনো এজাহাৰ থানাত দিয়া হৈছিল আৰু এজাহাৰত আক্ৰমণকাৰী বুলি নাম উল্লেখ কৰা বেছিভাগেই গৰুডুবাৰ নেপালী যুৱক৷ পাৰস্পৰিক বুজাপৰা, প্রয়োজনীয়তা বা আগতে সংঘাট নথকা ঠাইখনৰ এইধৰণৰ কথাবিলাকক আমি কেৱল ধৰ্মীয় ভুৱা প্রচাৰ বা হিন্দু-মুছলমানৰ বাইনেৰীৰে চাব পাৰোনে? সোপন্থী শক্তিৰ ব্যাপক উত্থান-আগ্ৰাসন, নব্য উদাৰবাদ, মুক্ত বজাৰ অৰ্থনীতি আদিৰ লগত ইয়াৰ সম্পৰ্ক কি? ভূমি, কৃষক, সম্প্ৰদায় বা তেওঁলোকৰ আন্তঃসম্পৰ্কবোৰ আমি কিদৰে বুজিম?
স্বাধীনতাৰ পৰৱৰ্তী কালৰে পৰা অসমত হোৱা বিভিন্ন গোষ্ঠীগত সংঘাতৰ গাঁথনিগত বৈশিষ্ট্যলৈ চালে আমি দেখিম যে কৃষকৰ ভূমিহীনতা বা ভূমি সম্পৰ্কীয় সমস্যাই এই সংঘাতবোৰৰ মুল কাৰণ৷ ঔপনিৱেশিক সময়ৰে পৰা বিভিন্ন স্থানৰ পৰা অসমলৈ হোৱা প্রব্ৰজনে অসমৰ কৃষক সমাজলৈ ব্যাপক পৰিৱৰ্তন আনে মুলতঃ ঔপনিৱেশিক শাসকৰ পৃষ্ঠপোষকতাত হোৱা এই প্রব্ৰজনে অসমত জনসংখ্যাৰ ঘনত্বও বৃদ্ধি কৰে। ১৯০১-৫১ৰ সময়ছোৱাত অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৩৭.৮০% যি আছিল সমগ্ৰ বিশ্বতে দ্বিতীয় বৃদ্ধিৰ হাৰ। ১৯০১ চনত অসমৰ মুঠ জনসংখ্যা দেশৰ মুঠ জনসংখ্যাৰ ১.৩৮% আৰু ১৯৭১ চনত ই হয়গৈ ২.৬৭%। বৰ্দ্ধিত জনসংখ্যাই কৃষকৰ ভূমিও ওপৰতো হেঁচা পেলায়। ১৯৭১ চনৰ পৰিসংখ্যাই দেখুৱাই ৰাষ্ট্ৰীয় গড় অধিকৃত ভূমি আৰু জনমুৰি কৃষিযোগ্য ভূমিৰ আকাৰ ক্ৰমে ২.৩০ আৰু ০.৩২ হেক্টৰৰ বিপৰীতে অসমৰ ক্ষেত্ৰত ই আছিল ১.৪৭ আৰু ০.১৯ হেক্টৰ। তাৰোপৰি ঔপনিৱেশিক বন আৰু ভূমি নীতিয়ে অসমত কেতিয়াবা প্রব্ৰজিত গোটবোৰৰ মাজত বা প্রব্ৰজিত আৰু ইতিমধ্যেই থকা গোটবোৰৰ মাজত সংঘাত আনিছিল৷ যেনে শোণিতপুৰ জিলাত নেপালী গো-পালকক স্থাপিত কৰিবলৈ নৈপৰীয়া বা বনাঞ্চল বা ইয়াৰ কাষৰ মাটি গ্ৰেজিং ভূমিলৈ পৰিৱৰ্তন কৰা হৈছিল। তাৰ পৰা মুনাফা কম হোৱাত গ্ৰেজিং মাটি কৃষিভূমিলৈ পৰিৱৰ্তন কৰি বংগমুলীয় মুছলিমক দিয়া হৈছিল। ১৯৩১ চনত ছবিলাল উপাধ্যায়ৰ নেতৃত্বত শোণিতপুৰৰ বুঢ়া-চাপৰিত মুছলমান কৃষকক স্থাপিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল।
অসমত কৃষক আন্দেলেনে ৪০ৰ দশকতে গণ আন্দোলনৰ ৰূপ লৈছিল। তাৰোপৰি, সেই সময়ৰ ট্ৰাইবেল লীগ আৰু মুছলিম লীগৰ বাক-বিতণ্ডা আদিবোৰ সৰ্বজনবিদিত যদিওবা জনজাতীয় ভূমি সুৰক্ষাৰ বাবে ট্ৰাইবেল ব্লক আৰু বেল্টৰ ধাৰণা ১৯৪৬ ত প্রয়োগ কৰা হৈছিল তথাপি জনজাতীয় সমাজৰ আভ্যন্তৰীণ দ্বন্দ্ব বা অন্য যি কাৰণতে নহওক কিয় এই ধাৰণাই জনজাতীয়লোকৰ ভূমি সমস্যা আৰু বিচ্ছিন্নতা আদিবোৰ সমস্যা সমাধানত ব্যৰ্থ হয়। পিছৰ সময়ছোৱাত অসমত হোৱা বান-খহনীয়াই (১৯৫৬-১৯৬৭) বিস্তৰ কৃষিভূমি গ্ৰাস কৰে। কৃষক আন্দোলনৰ হেঁচাত পৰি স্বাধীনতাৰ পিছতেই চৰকাৰে বিভিন্ন ভূমি আইন প্রণয়ন কৰিছিল যদিও বাস্তৱত সকলো কৃষকে এই আইনবোৰৰ বিশেষ সুফল পোৱা নাছিল। যেনে ১৯৬১ চনৰ লোকপিয়লে দেখুৱাই যে অসমৰ ৩৭% কৃষকেই আধিয়াৰ।
প্রণিধানযোগ্য যে সেই সময়ৰ অসমীয়া জমিদাৰে মূলতঃ বংগমূলীয় কৃষকক নিজৰ ভূমিত খেতিৰ বাবে অগ্ৰাধিকাৰ দিছিল। তাৰ প্রধান কাৰণ আছিলে বংগমূলীয় মুছলিম কৃষকে নগদী শস্যৰ (ধান, মৰাপাট) খেতি কৰিছিল আৰু তাৰ বাবে প্রয়োজনীয় বাণিজ্য পুঁজিৰ বাবে তেওঁলোক অসমীয়া ধনী কৃষক তথা জমিদাৰৰ ওপৰত নিৰ্ভশীল আছিল৷নগদী শস্যৰ জৰিয়তে অধিক মুনাফা দিব পৰাৰ বাবে অসমীয়া জমিদাৰে তেঁওলোককে আধিয়াৰ বা কৃষি বনুৱা হিচাপে নিয়োগ কৰিছিল। সেয়ে বংগমূলীয় মুছলিম কৃষক আধিয়াৰ আন্দোলনৰটোৰ পৰা আঁতৰত আছিল। ১৯৭১ চনত প্রৱৰ্তিত অসম ৰায়তী আইনে (Assam Tenancy Act, 1971) একেৰাহে তিনিবছৰ যি কৃষকে একে ভূমিত খেতি কৰে সেই ভূমিৰ মালিকীস্বত্ব তেনে কৃষকক দিয়াত বহু মুছলিম কৃষকে ভূমি লাভ কৰে। এই ব্যৱস্থাই অসমৰ গ্ৰাম্য সমাজৰ গাঁথনিগত বিন্যাসত পৰিৱৰ্তন আনে৷ মুছলমান কৃষকে ক্ৰমান্বয়ে কৃষিভূমিৰ আহৰণ (land accumulation) আৰু কৃষি শস্য উৎপাদনৰ ভিন্নতা আনে৷ ইয়াৰ লগে লগে নতুনকৈ সৃষ্টি হোৱা চৰ বা বনাঞ্চলৰ দাঁতি কাষৰীয়া ভূমিৰ আবাদীকৰণ বা পুনৰুদ্ধাৰৰ (land reclamation) জৰিয়তে কৃষিভূমিৰ পৰিসৰ বৃদ্ধি কৰে। ভূমিৰ গুণাগুণ, পৰিৱৰ্তিত পাৰিপাৰ্শ্বিকতা আদিৰ লগত খাপ খুৱাই কৃষিশস্যৰ ভিন্নতা, তেওঁলোকৰ কৰ্মনৈপুণ্যতা, বজাৰ আদিয়ে মুছলমান গ্ৰাম্য সমাজত উদ্বৃত্তৰ (surplus) সৃষ্টি কৰে যি লাহে-লাহে এক নতুন বাণিজ্য পুঁজিলৈ (mercantile capital) ৰূপান্তৰিত হয়৷ এই উদ্ধৃত্ত বাণিজ্য পুঁজিয়ে তেওঁলোকৰ মহাজন বা অন্যৰ ওচৰত পুঁজিৰ বাবে থকা নিৰ্ভৰশীলতা সংকুচিত কৰি আনে। এই স্বতন্ত্ৰ বাণিজ্য পুঁজিয়ে ন-ভূমি ক্ৰয়ৰ জৰিয়তে কৃষিৰ পৰিষৰো বৃদ্ধি কৰে। অৱশ্যে অনিয়ন্ত্রিত জনসংখ্যা বৃদ্ধি, বজাৰৰ অনিশ্চয়তা, উত্থান পতন ইত্যাদিবোৰে সাধাৰণ মুছলিম কৃষকৰ আৰ্থ-সামাজিক অৱস্থাৰ খুব পৰিৱৰ্তন আনিব নোৱাৰিলে।
মুছ্লমান কৃষকৰ বিপৰীতে অন্য সম্প্ৰদায়ৰ কৃষকৰ সামাজিক বিকাশৰ স্তৰ ভিন্ন হোৱাত যেনে জনজাতীয় বা অন্যসকলৰ বজাৰ অৰ্থনীতিৰ লগত সম্পৰ্ক ঐতিহাসিকভাৱে কম হোৱাত কৃষিকাৰ্যতো দুয়োটাৰে মাজত পাৰ্থক্য দেখ| যায়। যেনে মুছলমান কৃষকে মৰাপাট, ধান, মৎস্য উৎপাদন বা অন্য নগদী শস্য উৎপাদনত সিদ্ধহস্ত। সেয়ে বজাৰ অৰ্থনীতিৰ দিনত প্রাক-পুঁজিবাদী কাঠামোৰ কৃষক গোটবোৰৰ লগত মূলতঃ পুঁজিবাদী কাঠামোৰ মুছলিম কৃষকৰ এক গাঁথনিগত সংঘাত আমি দেখা পাওঁ যাক বহুসময়ত সাম্প্ৰদাযিক সংঘাত বা ধৰ্মীয় দৃষ্টিৰে বিশ্লেষণ কৰা হয়। নব্য-উদাৰ অৰ্থনীতিত জনজাতীয়ই হওক (তেওঁলোকৰ কৃষি প্রণালী মুলতঃ sustenance ধৰণৰ) বা অন্য যিকোনো কৃষকেই হওক কৃষিকৰ্মৰ জৰিয়তে বাণিজ্যিকভাৱে লাভান্বিত হ’ব খোজে৷ অৱশ্যে এই প্রতিযোগিতাত মুছলিম কৃষকৰ কৰ্মনৈপুণতাত “খিলঞ্জীয়া” কৃষক পিছ পৰি ৰয়। এই প্রান্তীয়কৰণেই বহু সময়ত কৃষকগোটবোৰৰ মাজত সংঘাটৰ ৰূপ লয়।
যোৱা ২০ বছৰত অসমৰ গাঁওসমূহ মুটামুটিকৈ খালী হৈ পৰিছে। গাঁৱৰ ডেকা ল’ৰাবোৰ ভাৰতৰ বিভিন্ন স্থানত কাম কৰি থকাত একধৰণৰ নগদ ধনৰ সৰবৰাহ গাঁওসমূহলৈ হ’ব ধৰিছে যাক আমি remittance অৰ্থনীতি বুলিব পাৰো (সাংসদ প্রদ্যুত বৰদলৈয়ে অসমলৈ অহা এই পুঁজিৰ পৰিমান প্রতিমাহে ৩০০ কোটি টকা বুলি অলপতে কৈছে)৷ এই সৰবৰাহে গ্রাম্য কৃষকৰ মাজত পতিত ভূমিত নতুনকৈ বিনিয়োগৰ এক সুবিধা আনি দিছে। ঠেলামৰা বা খহনীয়াত আক্ৰান্ত গৰুডুবা আদি অঞ্চলত নেপালী সম্প্ৰদায়ৰ মাজত যোৱা সময়ছোৱাত ক্ষুদ্ৰ চাহখেতিয়কৰ সংখ্যা চকুত লগাকৈ বৃদ্ধি পাইছে, যত ২০০০ চনমানৰ পৰাই অঞ্চলটোৰ পৰা ব্যাপক হাৰত যুৱচাম খেতিপথাৰ এৰি কৰ্মসংস্থাপন বিচাৰি অন্য ৰাজ্যলৈ ঢাপলি মেলিছিল। মুছলমানৰ মাজতো বহিঃপ্ৰব্ৰজন বৃদ্ধি পালেও কৃষিকৰ্ম তেওঁলোকে কেতিয়াও এৰি দিয়া নাই। বহুসময়ত তেওলোকে বছৰৰ এটা সময়ত প্রব্ৰজন কৰিলেও অন্য এটা সময়ত কৃষিত জড়িত হয়।
গাঁওসমূহলৈ এইধৰণৰে আহিব ধৰা নগদ ধনে কৃষিভূমিৰ চাহিদাও বৃদ্ধি কৰিছে অথচ এটা সময়ত কৃষিত ভৱিষ্যৎ নেদেখি তেনে ভূমি মুছলমানৰ হাতত গোটাই তেওঁলোকে অন্য ঠাইত গৈ শ্ৰমিক হৈছিলগৈ৷ নতুনকৈ সৃষ্টি হোৱা এই ধৰণৰ শীতল যুঁজবোৰকে সাম্প্ৰদায়িক গোটবোৰে হিন্দু-মুছলিম বাইনেৰীত পেলাই অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ দুৰ্বল বিন্দু “সৰ্বত্ৰে বাংলাদেশী” ধাৰণাটোক সৱল কৰি ৰাজনৈতিক মুনাফা ল’ব খুজে। তাৰ লগত যোগ হয় অলেখ মিথ (myth) যিয়ে এই বাইনেৰীবোৰক নায্যতা দিয়ে। ইয়াৰ লগে লগে আমাৰ সমাজখনৰ ব্ৰাহ্মণ্যকৰণ প্রক্ৰিয়াও পূৰ্ণগতিত চলি আছে, যি এই সম্পদৰ সংঘাতবোৰত অনুঘটকৰ ভূমিকা লৈছে৷ অৱশ্যে এই সম্পৰ্কে এই লেখাত বিস্তৃত আলোচনাৰ অৱকাশ নাই।
নব্য-উদাৰ অৰ্থনীতিৰ এই সময়ত আমি জনজাতীয় বা অন্য কৃষকৰ ভূমি অধিকাৰ বা প্ৰশ্নসমূহৰ সমাধান বিছাৰো যদিও মুছলমান কৃষকক শোষক বা সাম্প্ৰদায়িক দৃষ্টিভংগীৰে চোৱাটোও আমি বিৰোধী৷ আজিৰ ব্যৱস্থাত সকলো সম্প্ৰদায় বা ধৰ্মৰে কৃষক শোষিত বা বঞ্চিত। অথচ গাঁথনিগত এই সমস্যাবোৰক আওকাণ কৰি সাম্প্ৰদায়িক শক্তিসমূহে বিষবাষ্প বিয়পাই নিজা স্বাৰ্থত মছগুল | অসমৰ বিভিন্ন সম্প্ৰদায়ৰ আন্তঃসম্পৰ্ক বুজিবলৈ হিন্দু-মুছলিম বাইনেৰীতকৈ নৃগোষ্ঠীয় বিন্যাসবোৰহে বেছি প্ৰয়োজনীয় যি বহুসময়ত স্থানভেদে ভিন্ন। যেনে গৰুডুবাতে ভূমি দখলৰ ক্ষেত্ৰত যাতে বড়ো আগ্ৰাসন বৃদ্ধি নাপায় নেপালী লোকেই মুছলমানৰ সংখ্যা বৃদ্ধিত ভাল পাইছিল।
সেয়ে আজিৰ তাৰিখত এক ব্যাপক ভূমি জৰীপৰ জৰিয়তে পৰিৱৰ্তিত পাৰিপাৰ্শ্চিকতা, জনসংখ্যা বৃদ্ধি আদিৰ লগত সংগতি ৰাখি কৃষক সমাজৰ সমস্যাৰ বুজ লোৱাৰ লগতে ৰাজনৈতিকভাৱে সেইবোৰ সমাধানত গুৰুত্ব দিয়াটো জৰুৰী৷ মন কৰিবলগীয়া বহুভাষিক, বহুসাংস্কৃতিক অসমৰ প্ৰত্যেকটো অঞ্চলত ভুমি সমস্যা, খহনীয়া, বান বা সংঘাত আছে। সাম্প্ৰদায়িক নেতাসকলে অসমৰ যিকোনো ঠাইতে ৰাইজৰ মৌলিক সমস্যাসমূহক তুলি ধৰা বা সমাধানৰ বিপৰীতে মুলতঃ এটা ধৰ্ম বা গোষ্ঠীকহে সমস্যা হিচাপে তুলি ধৰিব বিচাৰে। শেহতীয়া গৰুডুবাৰ ঘটনাই তাৰ এক উৎকৃষ্ট উদাহৰণ য’ত সাধাৰণ কৃষক, শ্ৰমিকৰ সমস্যাতকৈ সাম্প্ৰদায়িকতাকহে অধিক গুৰুত্ব দিয়া হৈছে।
(লেখকৰ ফ’নঃ ৯৮৫৯২৪৬৩০৩, ৯৮৫৪২৭১৫৮৫, ৯৪৩৫৯৭৮৮৯৫)