NORTHEAST NOW (Assamese)

কথা নুশুনিলে ২ অক্টোবৰলৈ অব্যাহত থাকিব কৃষকৰ আন্দোলন; চৰকাৰক সতৰ্ক কৰি দিলে কৃষক নেতাই

February 6, 2021 11:26 am · এন ই নাও নিউজ

কেন্দ্ৰ চৰকাৰে বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ নকৰিলে দিল্লী সীমান্তত চলি থকা কৃষকৰ প্ৰতিবাদ অতিকমেও ২ অক্টোবৰলৈ অব্যাহত থাকিব।

কৃষক নেতা ৰাকেশ টিকাইয়ে দিল্লী চৰকাৰক সতৰ্ক কৰি দি এইদৰে কয়।

‘‘কিষাণ ক্ৰান্তি আন্দোলন বিগত বৰ্ষৰ ২ অক্টোবৰত আৰম্ভ হৈছিল আৰু যদি চৰকাৰে আমাৰ কথা নুশুনে তেন্তে আমি প্ৰতিবাদস্থলীতে গান্ধী জয়ন্তী পালন কৰিম,’’ কৃষক নেতা গৰাকীয়ে লগতে কয়।

ইপিনে, চৰকাৰে বৰ্তমান সময়ত কৃষকৰ প্ৰতিবাদৰ বিৰুদ্ধে সুযোগ গ্ৰহণ কৰাৰ বাবেও উঠি পৰি লাগিছে বুলি কৃষক নেতা গৰাকীয়ে অভিযোগ কৰে।

উল্লেখযোগ্য যে, বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত কৃষক সকলে দিল্লী সীমান্তত দুমাহৰো অধিক সময় প্ৰতিবাদ অব্যাহত ৰাখিছে।

এই সময়ছোৱাত কেন্দ্ৰ চৰকাৰে কৃষক আন্দোলনৰ নেতা সকলৰ সৈতে কেইবালানিও আলোচনাত অংশগ্ৰহণ কৰিছিল যদিও গণৰাজ্য দিৱসত কৃষক সকলে উলিওৱা ট্ৰেক্টৰ ৰেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছত কেন্দ্ৰ চৰকাৰে কৃষক সকলৰ সৈতে আলোচনাত বহাৰ পৰা বিৰত আছে।

গণৰাজ্য দিৱসত উলিওৱা ট্ৰেক্টৰ ৰেলীত কৃষক সকলে ট্ৰেক্টৰ ৰেলী কৰি লালকিল্লাত নিজৰ পতাকা উৰুৱাইছিল।

Related News