NORTHEAST NOW (Assamese)

আংশিক লকডাউনে কোঙা কৰিছে ৰাজ্যৰ পাচলি কৃষকক : বাৰীতে নষ্ট হৈছে উৎপাদিত ফচল

May 17, 2021 2:12 pm · ৰিদীপ শৰ্মা

কৰোনাৰ ভয়াবহতা ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ।

নতুন নতুন এছঅ’পি নীতি নিৰ্ধাৰণ কৰি ৰাজ্যত কৰোনা ৰোধ কৰাৰ চেষ্টাত ব্ৰতী হৈছে প্ৰশাসন তথা ৰাজ্য চৰকাৰ।

এই এছঅ’পি নীতি নিৰ্ধাৰণ কৰাৰ লগে লগেই দৈনিক তথা সাপ্তাহিক বজাৰত পৰিছে বন্ধৰ প্ৰভাৱ।

চহৰ অঞ্চলত দিনৰ ১১ বজাৰ লগে লগেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ বিপৰীতে গ্ৰাম্য অঞ্চলত দিনৰ ১ বজাত বন্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।

ইয়াৰ ফলত এতিয়া কেঁচা সামগ্ৰী ব্যৱসায়ীসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে উৎকৃষ্ট বজাৰৰ অভাৱত।

যাৰ ফলত বিঘাই বিঘাই নষ্ট হৈছে কেঁচা শাক পাচলিৰ।

Related News