NORTHEAST NOW (Assamese)

জলসিঞ্চন বিভাগৰ বিকল ইলেকট্ৰনিকেল চেল’ পাম্পক লৈ বিবুদ্ধিত টীয়কৰ খেতিয়ক

July 14, 2021 9:38 pm · নিৰ্মলেন্দু পাঠক

অসম চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগে কৃষক ৰাইজৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি আহিছে। কিন্তু কাৰ্যত এই আঁচনিসমূহ কিমান সফল ৰূপায়ণ হৈছে! কোটি কোটি টকা ব্যয় সাপেক্ষে বৃহৎ বৃহৎ গভীৰ নলী নাদ আঁচনি প্ৰস্তুত কৰিলে কিন্তু বিশেষকৈ যোৰহাট জিলাত ৩৮ খন গভীৰ নলীনাদৰ আঁচনিৰ এখনো কাৰ্যক্ষম নহ’ল।

পৰৱৰ্তী সময়ত টীয়ক সমষ্টিত জলসিঞ্চন বিভাগে খেতিয়কৰ সুবিধাৰ বাবে ২০২০ -২১ বৰ্ষত বিনামূলীয়াকৈ ৫০ টা চেল’পাম্প বহুৱাইছিল। ইয়াৰে কেতবোৰ চ’লাৰ আৰু কেতবোৰ ইলেকট্ৰিকেল চালিত আছিল।

বৰ্তমানে এই আঁচনিৰ ৩৮ টা চলি আছে যদিও ১২টা বিকল হৈ পৰি আছে ।

জলসিঞ্চন বিভাগক এই খেতিয়ক সকলে এবছৰ ধৰি চেল’পাম্প সমূহ মেৰামতি কৰি খেতিৰ উপযোগী কৰিব বাবে আবেদন জনাই আহিছে যদিও গা লৰা নাই বিভাগৰ বিষয়া ঠিকাদাৰৰ।

সেয়ে এইবাৰ নতুন চৰকাৰখনক এই বিভাগটোৰ কাম কাজৰ ওপৰত চকু দিবলৈ কৃষক সমাজে আহ্বান জনাইছে।

Related News