কাশ্মীৰী সকলে নিজকে ভাৰতীয় বুলি নাভাৱে, ভাৰততকৈ চীনৰ সৈতেহে থাকি ভাল পায় : ফাৰুক আব্দুল্লা

ফাৰুক আব্দুল্লা

কাশ্মীৰ আৰু কাশ্মীৰী লোক সকলক লৈ পুনৰ বিতৰ্কিত মন্তব্য কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ফাৰুক আব্দুল্লাই।

কাশ্মীৰী লোক সকলে নিজকে ভাৰতীয় বুলি নাভাৱে আৰু তেওঁলোকে ভাৰতৰ পৰিৱৰ্তে চীনৰ সৈতেহে থাকিব বিচাৰে বুলি বিতৰ্কিত মন্তব্য কৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে।

কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰা সম্পৰ্কত মত ব্যক্ত কৰি ফাৰুক আব্দুল্লাই কয় যে কাশ্মীৰৰ পৰা সৈন্য বাহিনী আঁতৰাই দিলে কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথত লাখ লাখ লোক ওলাই আহিলহেতেন।

উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছত নেশ্যনেল কনফাৰেঞ্চৰ মুৰব্বী গৰাকী গৃহবন্দী হৈ আছিল।

ইয়াৰ পূৰ্বেও ফাৰুক আব্দুল্লাই বহুবাৰ ভাৰত বিৰোধী মন্তব্যৰে পাকিস্তানৰ সমৰ্থন মন্তব্য প্ৰকাশ কৰিছিল।

ফাৰুক আব্দুল্লাই কিছুদিন পূৰ্বে ভাৰতে যদি চীনৰ সৈতে আলোচনা কৰিব পাৰে পাকিস্তানৰ সৈতে কিয় নোৱাৰে বুলিও প্ৰশ্ন কৰিছিল।