ৰাজ্যত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাট পতিত হয় নৈশ বাছ। কলিয়াবৰৰ উলুৱনি চাৰিআলিত নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
দ-খাৱৈত বাগৰি পৰিল যাত্ৰী ভৰ্তি নৈশ বাছখন।
এখন চাৰিচকীয়া বিলাসী বাহনত খুন্দা মাৰি দুখন দোকান মহটিয়াই নিয়াৰ পাছত দ-খাৱৈত বাগৰি পৰে নৈশ বাছখন।
দুৰ্ঘটনাত কথমপিহে ৰক্ষা পৰে নৈশ বাছৰ যাত্ৰীসকল।
উল্লেখ্য যে, লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহি আছিল AS07 BC 9727 নম্বৰৰ ‘প্ৰাণজিৎ’ নামৰ নৈশ বাছখন।