টীয়কত ভয়ংকৰ পথদুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন

Road accident

টীয়কৰ ষ্টেট বেংক অৱ ইণ্ডিয়া তিনিআলিত আজি সন্ধিয়া প্ৰায় ৭ বজাত এক ভয়ংকৰ পথদুৰ্ঘটনা সংঘটিত হৈছেl

যোৰহাট অভিমুখে আহি থকা AS-04-AA-7867 নম্বৰৰ এখন ইন’ভা গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছে এখন পালছাৰ বাইকৰ।

এই দুৰ্ঘটনাৰ ফলত চেলেংহাট পথৰ ফালৰ পৰা ওলাই অহা AS-31-A-7352 নম্বৰৰ পালছাৰ বাইকখনৰ আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে বাইক আৰোহীজন হোজাই জিলাৰ যোগীজনৰ মহৰ আলি বুলি জনিব পৰা গৈছে।

আঘাতপ্ৰাপ্ত মহৰ আলিক সংকটজনক অৱস্থাত টীয়ক FRU ত চিকিৎসাৰ বাবে লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক যোৰহাটলৈ প্ৰেৰণ কৰা হয়।