NORTHEAST NOW (Assamese)

ৰহাত শোকাৱহ ঘটনাঃ ৰে’লৰ খুন্দাত এজনৰ মৃত্যু

April 1, 2024 8:41 pm · এন ই নাও নিউজ, গুৱাহাটী

এক শোকাৱহ দুৰ্ঘটনাই শোকাকুল কৰি তুলিছে ৰহা। ৰহাৰ সমীপৰ বৰাবালি অঞ্চলত এখন দ্ৰুতবেগী ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱাইছে এজন লোকে।

আজি দুপৰীয়া সংঘটিত হয় এই দুৰ্ঘটনা। নিহত লোকজনক মজিদুল হক বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, মজিদুল হকে ৰে’লপথ পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে দ্ৰুতবেগী ৰে’লখনে তেওঁক মহতীয়াই নিয়ে।

ঘটনাৰ পিছতে স্থানীয় বহু লোক ঘটনাস্থলীত উপস্থিত হয় আৰু নিহত লোকজনক চিনাক্ত কৰে।

ইফালে, চাপৰমুখৰ ৰে’ল সুৰক্ষা বাহিনীক ঘটনাৰ বিষয়ে তৎক্ষণাৎ অৱগত কৰা হয় আৰু বিভাগীয় এটা দল ঘটনাস্থলীত উপস্থিত হয়।

Related News