NORTHEAST NOW (Assamese)

Breaking টীয়কৰ মেলেঙত ভয়ংকৰ ঘটনা; মাহীমাক আৰু পিতৃয়ে হত্যা কৰিলে পুত্ৰক

November 9, 2021 12:39 pm · নিৰ্মলেন্দু পাঠক ,টীয়ক
ফটো: নৰ্থইষ্ট নাও।

Breaking যোৰহাট জিলাৰ টীয়কৰ মেলেঙত সংঘটিত হৈছে এক শিহৰণকাৰী ভয়ংকৰ ঘটনা।

টীয়কৰ মেলেং বৰখেলীয়াত  মাহীমাক আৰু পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ।

জানিব পৰা মতে দিপাৱলী উদযাপনৰ বাবে পুত্ৰ কাকুমণি বৰাই বিচাৰিছিল ১০ হাজাৰ টকা।

৩১ অক্টোবৰৰ নিশা ৯ বজাত ফলীয়া পিতৃ ফণীধৰ  বৰাই বাহঁৰে মৰিয়াই হত্যা কৰি পুতি থয় পায়খানাৰ গাঁতত।

আজি কাকুমনিৰ মৃতদেহ উদ্ধাৰৰ পাছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

টীয়ক আৰু লাহদৈগড় আৰক্ষীয়ে মাহীমাক সৰু মাই দত্ত বৰা আৰু পিতৃ ফণীধৰ  বৰাক আটক কৰি তদন্ত আৰম্ভ কৰিছে। 

Related News