ত্ৰিশ হাজাৰ টকাত নিজ সন্তানক বিক্ৰী কৰি ৰঙাঘৰলৈ পাষাণ পিতৃ

সমাজক কলুষিত কৰা এনে ব্যক্তিৰ ফাঁচীৰ দাবী সচেতন মহলৰ

এজন পাষাণ পিতৃয়ে ত্ৰিশ হাজাৰ টকাত বিক্ৰী কৰিলে নিজৰে দুটি সন্তানক ৷ নিজৰ জী আৰু পুত্ৰ সন্তানক গহপুৰত বিক্ৰী কৰিলে নগাঁৱৰ ছাহিদুল ইছলাম নাম ব্যক্তিজনে ৷বৰ্তমান ৰঙাঘৰত ধৃত ছাহিদুল ৷

ঘটনাৰ বিৱৰণী মতে, ছাহিদুল ইছলামে নিকাহ কৰিছিল বিশ্বনাথৰ জিনজিয়া থানাৰ অন্তৰ্গত পাভৈৰ দিৰিং পথাৰৰ খুন আলীৰ জীয়াৰীক ৷

প্ৰথমাৱস্থাত সংসাৰ ঠিকেই চলিছিল যদিও পিছলৈ ছাহিদুল ইছলামৰ বিভিন্ন ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি সন্তান কেইটিক বুকুত লৈ নিজ ঘৰলৈ গুচি আহিছিল ধৃত ছাহিদুলৰ পত্নী ৷

কিন্তু কিছুদিন পূৰ্বে আইতাৰ ঘৰত পঢ়া-শুনা কৰা ছাহিদুল ইছলামৰ এটি ছোৱালী এটা ল’ৰা সন্তানক ছাহিদুল ইছলামে ফুচুলাই নি বিক্ৰী কৰিলে গহপুৰত কোনো অচিনাকী লোকৰ হাতত ৷

অন্যহাতে,যোৱা ৬ অক্টোবৰত চতিয়া থানাৰ অন্তৰ্গত ভোজমাৰীৰ নেকবৰ আলী নামৰ এজন ব্যক্তিৰ তথ্যৰ ভিত্তিত ধৃত ছাহিদুল ইছলামে চতিয়া ছাইদুল ইছলাম নামৰ এজন ব্যক্তিৰ সহযোগত ৩০ হাজাৰ টকাত গহপুৰৰ কোনো অচিনাকী ব্যক্তিৰ হাতত বিক্ৰী কৰে শিশু দুটিক ৷

Latest News:অৱশেষত ৰাজকন্যা কাণ্ডত গ্ৰেপ্তাৰ জিএনআৰচিৰ চিকিৎসক ডাঃ নৱনীল বৰুৱা

সেই তথ্যৰ ভিত্তিত জিনজিয়া আৰক্ষীৰ সহযোগত চতিয়া আৰক্ষীয়ে শুক্ৰবাৰে আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা ছাহিদুল ইছলামক চতিয়াৰ ভোজমাৰীপৰা আটক কৰি বিশ্বনাথ কাৰাগাৰলৈ প্ৰক্ষেপ কৰে৷ইফালে,নিজ নাতি-নাতিনী হেৰুৱাই শোকত ভাগি পৰে আইতাকসহ স্থানীয় লোক ৷

স্থানীয় লোকৰ লগতে দল-সংগঠনৰ অভিযোগ,জিলাখনত সঘনাই সংঘটিত হৈ থকা শিশু,কিশোৰ-কিশোৰী, মহিলা নিৰুদ্দেহ হোৱাৰ ঘটনাৰ আঁৰত জড়িত এনে ধৰণৰ শিশু,মানৱ সৰবৰাহকাৰী দালাল চক্ৰক অতি ক্ষিপ্ৰতাৰে উৎখাত কৰাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনায় ৷

লগতে নিৰুদ্দেশ হৈ থকা শিশুসকলক অতি সোনকালে উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়াৰ দাবী উত্থাপন কৰে জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক ।