• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পিতৃ মনৰ জেদ: ৮ বছৰৰ মূৰত সন্ধান ওলাল পুত্ৰক মহতিয়াই হত্যা কৰা বাহনৰ, পুনৰ মুকলি হ’ল গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2023 11:05 pm
Father Tracks Down Car That Killed Son
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৫ চনৰ জুন মাহ। এখন বাহনে মহতিয়াই নিয়াৰ ফলত পথত মৃত্যু ঘটে এটি কিশোৰৰ। গুৰগাঁৱৰ ৫৭ নং ছেক্টৰৰ ৰে’লৱে বিহাৰৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা। কিশোৰটিক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনে।

দুৰ্ঘটনাত এইদৰে পুত্ৰৰ মৃত্যু ঘটাত ব্যথিত হৈ পৰে তেওঁৰ পিতৃ জিতেন্দৰ চৌধুৰী। কাৰ দোষত তেওঁ এইদৰে পুত্ৰক হেৰুৱাবলগা হয়, সেয়া জানিবলৈ তথা ন্যায় লাভৰ বাবে উৎসুক হৈ পৰে তেওঁ। দুৰ্ঘটনাস্থলীৰ পৰাই তেওঁ উদ্ধাৰ কৰে ক্ষতিগ্ৰস্ত চাইড মিৰ’ৰ।

Apply Now

ইয়াৰ পিছতে আৰম্ভ হয় জিতেন্দৰ চৌধুৰীৰ অনুসন্ধান। দুৰ্ঘটনাস্থলীৰ ওচৰৰ বিভিন্ন গাড়ী গেৰেজ আৰু চাৰ্ভিচ চেণ্টাৰৰ পৰামৰ্শ লৈ জিতেন্দৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ বিষয়ে এটা সূত্ৰ বিচাৰি উলিয়াব পাৰে।

আন কোনো বিশেষ তথ্য লাভ নকৰিলেও এজন মেকানিকে চাইড মিৰ’ৰখন এখন মাৰুতি চুজুকি চুইফট ভিডিআইৰ বুলি নিশ্চিত কৰে। ন্যায় লাভৰ বাবে দৃঢ়প্ৰতিজ্ঞ চৌধুৰীয়ে মাৰুতিৰ ওচৰত সহায়ৰ বাবে আবেদন জনায়।

কেইবামাহো ধৰি চলা আবেদনৰ অন্তত অৱশেষত তেওঁ আইনাখনৰ পিছফালে ছপা কৰা বেচ নম্বৰটোৰ আধাৰত গাড়ীখনৰ পঞ্জীয়ন নম্বৰটো লাভ কৰিবলৈ সক্ষম হয়। এফআইআৰত উল্লেখ কৰা হোৱা নাছিল বাহনখনৰ এই পঞ্জীয়ন নম্বৰ।

সেয়ে নম্বৰটো লাভ কৰাৰ পিছতে তেওঁ তৎক্ষণাত সেই বছৰৰ শেষৰ ফালে পঞ্জীয়ন নম্বৰকে ধৰি গাড়ীৰ অংশবোৰ তদন্তকাৰী বিষয়াজনৰ হাতত তুলি দিলে। কিন্তু তেওঁৰ বহু চেষ্টাৰ পিছতো তদন্ত যেন স্থবিৰ হৈ পৰিল।

গোচৰৰ কোনো অগ্ৰগতি নোহোৱাত হতাশ হৈ ২০১৬ চনৰ জানুৱাৰী মাহত তেওঁ নিজৰ গোচৰটো স্থানীয় আদালতলৈ লৈ যায় আৰু চি আৰ পি চিৰ ১৫৬(৩) ধাৰাত আবেদন দাখিল কৰে। আদালতৰ ন্যায়িক দণ্ডাধীশে তদন্তকাৰী বিষয়াৰ পৰা গোচৰৰ ষ্টেটাছ ৰিপৰ্ট বিচাৰে।

এপ্ৰিল মাহত আৰক্ষীয়ে অভিযুক্তৰ কোনো সন্ধান লাভ নকৰা বুলি উল্লেখ কৰি প্ৰতিবেদন দাখিল কৰিছিল যদিও জিতেন্দৰে এই সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাছিল। এই প্ৰতিবেদন আদালতে জুলাই মাহত গ্ৰহণ কৰিছিল।

কিন্তু এনে ব্যৰ্থতাতো হাৰ নামানি জিতেন্দৰে ২০১৮ চনৰ এপ্ৰিল মাহত পুনৰ আদালতৰ কাষ চাপে আৰু এইবাৰ চি আৰ পি চিৰ ১৭৩(৮) ধাৰাত আবেদন দাখিল কৰে। দুৰ্ভাগ্যজনকভাৱে তিনিমাহৰ পাছত দণ্ডাধীশে তেওঁৰ আবেদন খাৰিজ কৰে।

এই ৰায়ত অসন্তুষ্ট হৈ জিতেন্দৰে এই আদেশক প্ৰত্যাহ্বান জনাই চেচন আদালতত আবেদন দাখিল কৰে যদিও তেওঁৰ আবেদন পুনৰবাৰ নাকচ কৰা হয়। ২০২০ চনত ক’ভিড মহামাৰীয়ে তেওঁৰ ন্যায় লাভৰ আশাত অধিক বিপন্ন কৰি তোলে।

তথাপিও যেন দৃঢ়প্ৰতিজ্ঞ জিতেন্দৰ উৎসাহ লীন যোৱা নাছিল। ২০২৩ চনৰ জানুৱাৰী মাহত তেওঁ আদালতৰ কাষ চাপে। এইবাৰ তেওঁ পুত্ৰৰ দুৰ্ঘটনাৰ বাবে দায়ী বাহনখনৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বানেৰে দাখিল কৰে আবেদন।

এই আবেদনৰ শুনানি গ্ৰহণ কৰি দণ্ডাধীশে উক্ত গোচৰটো আৰু আৰক্ষীৰ প্ৰতিবেদনখন ভালদৰে পৰীক্ষা কৰে আৰু জানিব পাৰে যে অভিযোগকাৰীক অৱগত নকৰাকৈয়ে প্ৰতিবেদনত অভিযুক্তৰ সন্ধান লাভ নকৰা বুলি উল্লেখ কৰা হৈছিল।

অভিযোগকাৰীয়ে তদন্তকাৰী বিষয়াৰ ওচৰত দাখিল কৰা প্ৰমাণৰ আধাৰত আদালতে গোচৰটোৰ অধিক তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আদালতে লগতে পৰ্যবেক্ষণ কৰে যে অভিযোগকাৰীয়ে আৰক্ষী প্ৰশাসনৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে, যাৰ বাবে তেওঁ আইনী আশ্ৰয় ল’বলৈ বাধ্য হৈছে।

লগতে আদালতৰ কৰ্তব্যৰ প্ৰতি লক্ষ্য ৰাখি আদালতে আৰক্ষী প্ৰশাসনৰ প্ৰতি এজন নাগৰিকৰ আস্থা ঘূৰাই অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু আৰক্ষীক গোচৰটো পুনৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতৰ স্পষ্ট নিৰ্দেশনাৰ পিছতো আশা কৰা ধৰণে তদন্ত সম্পন্ন নহ’ল। আৰক্ষীয়ে আগষ্ট মাহত জিতেন্দৰ চৌধুৰীক কয় যে তদন্তকাৰী বিষয়াজন উত্তৰাখণ্ডলৈ যোৱাৰ বাবে তদন্ত আগবঢ়াব পৰা নাই।

ইয়াতে খৰ্গহস্ত হৈ আদালতে গোচৰটোৰ সৈতে জড়িত আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়ে আৰু আৰক্ষীৰ গাফিলতি স্পষ্ট হৈ পৰা আৰু প্ৰমাণ ধ্বংস কৰাৰ বাবেই ইচ্ছাকৃতভাৱে এয়া কৰা হৈছে বুলি আঙুলিয়াই দিয়ে।

ইফালে বিষয়টোৰ এনে গতিৰ মাজতে যোৱা সপ্তাহত জিতেন্দৰ চৌধুৰীয়ে অৱশেষত লাভ কৰে স্বস্তি। তেওঁৰো অনুসন্ধানৰ অন্ত পেলাই আৰক্ষীয়ে যোৱা সপ্তাহত দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ মালিক জ্ঞান চান্দৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

লগে লগে আঠ বছৰ পুৰণি এই গোচৰটোৰ তদন্ত পুনৰ আৰম্ভ হয়। ন্যায়ৰ আশাত দীৰ্ঘদিনে আৰক্ষী-আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰা পুত্ৰক হেৰুওৱা জিতেন্দৰ চৌধুৰীয়ে এতিয়া যেন দেখিছে কিঞ্চিত আশা!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd