১১ বছৰৰ মূৰত এইগৰাকী বেটছমেনৰ বেটৰ পৰা আহিল দ্বিতীয়টো শতক

পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত পাকিস্তানৰ ফাৱাড আলমে শতকীয় ইনিংছ খেলে।

দ্বিতীয় ইনিংছত খেলা এই শতকটো তেওঁৰ জীৱনৰ দ্বিতীয় শতক আৰু ইয়াৰ বাবে তেওঁ অপেক্ষা কৰিবলগীয়া হয় ১১ বছৰৰ।

নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ গৰাহত পৰা পাকিস্তানৰ হৈ ফাৱাডে ১০২ ৰানৰ সুন্দৰ ইনিংছ খেলে।

উল্লেখ্য যে ১০ বছৰ বাহিৰ হৈ থকা ফাৱাডে যোৱা বছৰ দলত প্ৰত্যাৱৰ্তন কৰিছিল।

২৩৬টা বল খেলি ১৪টা বাউণ্ডেৰিৰ সহায়ত নিজৰ কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰে ফাৱাডে। তেওঁ ২৬৯টা বলত ১০২ ৰান বনাই নীল ৱেগনাৰৰ বলত আউট হয়।

ফাৱাডে পাকিস্তানৰ হৈ ২০০৯ চনত টেষ্টত অভিষেক কৰিছিল আৰু মেচখনত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত শতক অৰ্জন কৰিছিল।

টেষ্ট কেৰিয়াৰৰ প্ৰথমখন মেচতে শতক অৰ্জন কৰি ফাৱাডে ক্ৰিকেট বিশেষজ্ঞৰ লগতে দল আৰু ক্ৰিকেট অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু ইয়াৰ পাছত ধাৰাবাহিকভাৱে বেয়া প্ৰদৰ্শন কৰিবলৈ ধৰাত তেওঁক দলৰ পৰা বাহিৰ কৰি দিয়ে। আৰু তেতিয়াৰ পৰাই ২০১৯ চনলৈকে তেওঁ কোনো সুযোগ পোৱা নাছিল।

স্মৰ্তব্য যে যোৱা বছৰ তেওঁক দললৈ ১০ বছৰৰ মূৰত প্ৰত্যাৱৰ্তনৰ সুযোগ দিয়ে ৰাষ্ট্ৰীয় দলৰ মুখ্য নিৰ্বাচক মিছবাহ উল হকে।