প্ৰথমে ফেচবুকত প্ৰেম তাৰ পাছত বিবাহ শেষত মৃত্যু লক্ষ্মীৰ- উত্তপ্ত মাৰ্ঘেৰিটাৰ লেখাপানী

dc-Cover-pvni2mn785olqgjqjrvng2cvb5-20180320154945.Medi

প্ৰথমে ফেচবুকত প্ৰেম তাৰ পাছত বিবাহ শেষত মৃত্যু এগৰাকী নবিবাহিতা যুৱতীৰ। এই ঘটনাৰ পাছতেই মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। যোৱা ১০ আগষ্ট তাৰিখে স্বামীগৃহত বিষাক্ত কীটনাশক সেৱন কৰি এগৰাকী নৱ বিবাহিতাই কালি মৃত্যু বৰণ কৰা ঘটনাক কেন্দ্ৰ কৰি আজি তিনিচুকীয়া জিলাৰ লেখাপানী উত্তপ্ত হৈ পৰে। স্বামী আৰু শাহুৱেকৰ নিৰ্যাতনৰ বাবেই নববিবাহিতা গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পিতৃগৃহৰ লোকে।

জানিব পৰা মতে ফেচবুকৰ জৰিয়তে চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা মাৰ্ঘেৰিটাৰ পাৱৈ বনগাঁৱৰ লক্ষ্মী ছেত্ৰী (২০) নামৰ যুৱতীগৰাকী আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বে লেখাপানী থানাৰ অন্তৰ্গত কঠাপাশা গাঁৱৰ অংকিত ছেত্ৰী(২৫)ৰ সৈতে বিবাহ পাশৰ আৱদ্ধ হৈছিল। বিবাহৰ পাছৰে পৰা নৱ দম্পতীৰ মাজত সৃষ্টি  হয় তীব্ৰ সংঘাত। ইয়াৰ পাছতে যোৱা ১০ আগষ্টত স্বামীগৃহত বিষাক্ত কীটনাশক দ্ৰৱ্য সেৱন কৰি গুৰুত্বৰ ভাৱে অসুস্থ হৈ পৰে লক্ষ্মী। পিছত ন-বোৱাৰীগৰাকীক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুদিনৰ পিচত চিকিৎসকে তিনিচুকীয়ালৈ স্থানান্তৰ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে স্বামীৰ পৰিয়ালে সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজি থকা লক্ষ্মীক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ নিয়াৰ পৰিৱৰ্তে মাৰ্ঘেৰিটাৰ এখন নাৰ্ছিং হোমত ভৰ্তি কৰে।

ইপিনে উন্নত চিকিৎসাৰ অভাৱত লক্ষ্মীৰ কালি মৃত্যু হোৱাৰ পিছতে আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

উল্লেখ্য যে লক্ষ্মীৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি আজি ন-বোৱাৰী গৰাকীৰ পৰিয়ালৰ লগতে গাঁৱৰ অৰ্ধ শতাধিক লোকে লেখাপানী থানাত এজাহাৰ দাখিল কৰি এই ঘটনাত স্বামী অংকিত আৰু শাহুৱেক সৰস্বতী দেৱী জড়িত থকাৰ অভিযোগ কৰে।

তাৰ পাছত স্বামী গৃহত উপস্থিত হৈ উত্তেজিত লোকসকলে স্বামী আৰু শাহুৱেকক জগৰীয়া কৰে। হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ সময়তে স্বামী অংকিতে এখন চোকা দা লৈ লক্ষ্মীৰ আত্মীয়সকলৰ ফালে খেদি আহে। এনে সময়তে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে অভিযুক্ত অংকিত আৰু শাহুৱেক সৰস্বতী দেৱীক আটক কৰি থানালৈ লৈ আনে।