টীয়কত বিশিষ্ট শিক্ষাবিদ বোপাৰাম ভাজনী সম্বৰ্দ্ধনা জ্ঞাপন : শিক্ষাবিদ গৰাকীৰ অভিনন্দন গ্ৰন্থও উন্মোচন

Screenshot_2020-12-26-18-08-39_1(1)

বিশিষ্ট শিক্ষাবিদ ড° অনিল শইকীয়াৰ সম্পাদনাৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত উপ সচিব তথা তামুলীচিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বোপাৰাম ভাজনীৰ ‘বৰ্ণাঢ্য জীৱন গাথা’ শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়।

আজি টীয়কৰ তামুলীচিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশিষ্ট শিক্ষাবিদজনক ৰাজহুৱাভাৱে এক সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়।

ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় যোৰহাটৰ সঞ্চালক ড° অনিল চন্দ্ৰ বৰাৰ সভাপতিত্বত আয়োজিত এই সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গীতিমালী বৰাই উদ্বোধনী ভাষণ আগবঢ়ায়।

তাৰ পাছতে উন্মোচক হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱপ্ৰাপ্ত অধ্যাপক তথা জেষ্ঠ অধিবক্তা ড° অজিত কুমাৰ বৰাই উপস্থিত কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদৰ সহযোগত অভিনন্দন গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে।

অনুষ্ঠানটোত ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰি বিশেষ ব্যক্তিগৰাকীৰ জীৱন সংগ্ৰামৰ কৰ্মৰাজি সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে।